Breaking News

যাত্রাৰ শেষত (৪)

সৰুতেই পিতৃক হেৰুওৱা ল’ৰাটোক ভুল কি? শুদ্ধ কি? ভাল কি ? বেয়া কি দেখুৱাই দিবলৈ কেতিয়াবা মৰমৰ বুজনিৰে সফল হৈ নুঠে 

✍পৰিমিতা গোস্বামী

 



জীৱনটো হ’ল এখন যুদ্ধক্ষেত্ৰ । জীৱন যুদ্ধত অগ্ৰসৰ হ’বলৈ লাগিব সাহস ধৈৰ্য আৰু একাগ্ৰতা । জীৱনৰ কঠিনতাখিনি বুজাবলৈ মাকে অৱলম্বন কৰিছিল কিছুমান কৌশল। সেই কৌশলবোৰ মৰম-স্নেহ, দয়া-মমতাৰ লগতে কঠোৰ অনুশাসন । অনুশাসন অবিহনে উশৃংখল মানসিকতাৰ পংগু মানৱৰহে সৃষ্টি হ’ব। সেই কথা হয়তো আটাইতকৈ ভালকে মাকেই বুজি পায় । সেয়ে তাৰ শিক্ষয়িত্রী মাতৃয়ে মৰম স্নেহেৰে ওপচাই ৰখাৰ লগতে কঠোৰ অনুশাসনকো ঢাল হিচাবে ব্যৱহাৰ কৰিছিল । সৰুতেই পিতৃক হেৰুওৱা ল’ৰাটোক ভুল কি? শুদ্ধ কি? ভাল কি ? বেয়া কি দেখুৱাই দিবলৈ কেতিয়াবা মৰমৰ বুজনিৰে সফল হৈ নুঠে । তেনেক্ষেত্রত অনুশাসনৰ ঢালখনৰ প্ৰয়োজন হয় । মাকে সেই কথা ভালকৈ উপলব্ধি কৰিছিল। ল’ৰাটোক সজ চৰিত্রৰে মানুহ কৰাৰ স্বাৰ্থতে অনুশাসনৰ হাতখনো তাৰ মূৰৰ ওপৰত ৰাখিছিল ।

শিক্ষয়িত্রী মাতৃৰ মৰম চেনেহ আৰু অনুশাসনৰ মাজত ডাঙৰ হোৱা ল’ৰাটোৱে গভীৰ অভিভাবকত্বহীনতাত ভুগিছে এই মুহূৰ্ত্তত । জনা হোৱাৰে পৰা দেখি আহিছে ঘৰুৱা , সমজুৱা, স্কুলৰ অনেক কৰ্ম ব্যস্ততাৰ মাজতো মাকে তাৰ পিতৃ-মাতৃ উভয়ৰে দায়িত্ব আৰু কৰ্ত্তব্য পালন কৰি আহিছে , লগতে এগৰাকী ভাল বোৱাৰীৰো ভুমিকা পালন কৰি আহিছে । হঠাতে সকলোৰে অজ্ঞাতসাৰে কৰ্ত্তব্য আৰু দায়িত্ব আধাতে সামৰি অজান দেশৰ সেন্দূৰীয়া পথৰ পথিক হ’ল । কথাবোৰ ভাৱি সি অস্থিৰ হৈ পৰিল । আইতাকৰ মৰমৰ হাতখন তাৰ মূৰৰ ওপৰত সদায় আছে সঁচা; কিন্তু ভুলটো শুধৰাই দিব পৰা , ভালটো লৈ বেয়াটো আঁতৰাই পেলাবলৈ দেখুৱাই দিব পৰা মানুহ একমাত্ৰ মাকৰ বাহিৰে কোনো হ’ব নোৱাৰে । মিতিৰ- কুটুম, বন্ধু-বান্ধব বহুত পাব। মাকৰ দৰে নিস্বাৰ্থভাৱে আদৰ যত্ন কৰা মানুহ আজিৰ দিনত পোৱাটো সম্ভব হ’বনে? স্বাৰ্থহীন সহায়ৰ হাত এখন পাবনে সি? অনেক কথাই তাৰ আলসুৱা সৰু মনটোত কুণ্ডলি পকাবলৈ ধৰিলে ।

দীঘল হুমুনিয়াহ এটা কাঢ়ি বাগৰটো সলাই ল’লে । তাৰ হুমুনিয়াহটোত কাষতে শুই থকা আইতাকেও জিকাৰ খাই গ’ল। ম’বাইলটো হাতলৈ তুলি ল’লে । অ’ন কৰাৰ লগে লগে ওৱাল পেপাৰত থকা মাক আৰু তাৰ জইন ফটোখনে বুকুখনত আকৌ এবাৰ প্ৰচণ্ড আঘাত কৰিলে। যিটো আঘাতে তাক ভবাই তুলিলে , এইটো জীৱন কালত সি তাৰ মাকক আৰু কেতিয়াও দেখা নাপায় । শিলত মূৰ আচাৰি দিলেও মাকৰ মাত এষাৰ শুনিবলৈ নাপায় ।মাকৰ হাঁহি থকা মুখখন তাৰ চকুৰ মণিত উজলি উঠিল । পুনৰ ধাৰাসাৰে চকুৰ পানী দুইধাৰে বৈ আহিল । বাৰে বাৰে যত্ন কৰিও সি চকু মুদিব নোৱাৰিলে ।ম’বাইলত থকা মাকৰ ফটোবোৰ চাই চাই বহু সময় পাৰ কৰিলে । নতুন কাপোৰ এসাজ পিন্ধি ফুৰিবলৈ ওলায়েই বা স্কুললৈ যাবলৈ ওলায় প্ৰায়ে তাক কয় , “আহচোন বাবা ফটো এখন তুলি দে এই সাজ কাপোৰেনো মোক কেনেকুৱা লাগিছে চাওঁ” । ফটোবোৰ চাই বহুত কথাই মনত পৰি গ’ল তাৰ। কোনযোৰ কাপোৰ পিন্ধি কোন খন বিয়া খাবলৈ গৈছিল । কোনযোৰ কাপোৰ পিন্ধি স্কুলৰ মিটিঙলৈ ওলাইছিল ইত্যাদি বহুতো।

মাকে চাকৰি কৰা স্কুলখনৰ বিভিন্ন মিটিং মাটাঙত , উৎসৱ- পাৰ্বণত তোলা ফটোবোৰ, ঘৰুৱা কাম-সকামত তোলা ফটোবোৰ, বিয়া-বাৰু খাবলৈ যাওঁতে বিয়া ঘৰতেই হওক বা বাটে-ঘাটেই হওক তোলা ফটোবোৰ । মেলে মিটিঙে ভাষণ দিয়া, কবিতা পাঠ কৰা, গান গোৱা ফটোবোৰ চাই চাই তাৰ যে মাক নাই কথাটো এবাৰলৈ সি পাহৰি গৈছে ।

ম’বাইলৰ ষ্টৰেজত থকা ভিডিঅ’ ক্লিকবোৰ খুলি ল’লে। উদাত্ত কণ্ঠৰে আবৃত্তি কৰা , বিৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ ” বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি” , হীৰেণ ভট্টাচাৰ্য্যৰ “মোৰ দেশ” , দেৱকান্ত বৰুৱাৰ , “মোৰ দেশ মানুহৰ দেশ” , বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা, নিৰ্মলপ্ৰভা বৰদলৈৰ অনেক কবিৰ অনেক কবিতাৰ সুন্দৰ সুন্দৰ আবৃত্তিৰ ভিডিঅ’বোৰ চাই সৰুতে তাক আৰু তাৰ লগৰ ল’ৰা-ছোৱালীবোৰক কবিতা আবৃত্তি কৰিবলৈ শিকোৱা । ৰাভা দিবস, শিল্পী দিবস আৰু স্কুলৰ বিভিন্ন প্ৰতিযোগিতাবোৰত কবিতা আবৃত্তি কৰিবলৈ লৈ যোৱা কথাবোৰ মনত পৰি গ’ল। সিহঁতে পুৰস্কাৰ পালে মাকে কিমান যে ফূৰ্তি পাইছিল । আবৃত্তি মাকৰ একপ্ৰকাৰ হবি আছিল। পিছলৈ স্কুলৰ ছাত্র-ছাত্রীসকলক আবৃত্তি শিকাই , গান শিকাই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ লৈ যায়। আজিৰ পৰা সেইবোৰ অতীত হ’ল।অভিনয়ো মাকৰ বৰ প্ৰিয় আছিল । তেওঁ নিজে লিখাই হওক বা আনৰ নাটকেই হওক বহুত নাটকত অভিনয় কৰিছিল । নাটকৰ ফটো আৰু ভিডিঅ’বোৰ চাই গোটেই ৰাতি পাৰ কৰিলে । বিষ্ণু ৰাভাৰ “কিবা যেন নাই আজি নাই , এয়ে মোৰ শেষ গান মোৰ জীৱন নাটৰ শেষ ৰাগিণীৰ কল্যাণ খৰমান” এই চিৰ সেউজ গানবোৰ যিকোনো সময়তে মাকে গুণ গুণাই থাকে । বৰ শুৱলা আছিল তেওঁৰ মাতটো । মাকৰ কণ্ঠত যেন সৰস্বতীয়েহে বাস কৰিছিল ।এনে লাগে কোনোবা মুহূৰ্তত।

মাকে লিখা আৰু অভিনয় কৰা ” যাত্রাৰ শেষত” নাটক খনৰ সম্পূৰ্ণকৈ ভিডিঅ’ কৰা আছিল । সেই ভিডিঅ’টো খুলি প্ৰথমৰ পৰা চাই গ’ল। নাটকখনৰ ডায়লগবোৰ ইমান জীৱন্ত আছিল । জীৱন সম্পৰ্কীয় কিছুমান ডায়লগ ইমান হৃদয়স্পৰ্শী আছিল চাই থাকিলে এনে ভাৱ হয় মাকে যেন আগতেই জানিছিল তেওঁৰ মৃত্যু বৰ বেছি দূৰত নাই । তেওঁৰ এই জীৱনকাল আধাতে সামৰিব লাগিব। কান্ধত লৈ থকা চেলেং চাদৰখনেৰে চকু মুখবোৰ ভালদৰে মোহাৰি ল’লে । মনতে স্থিৰ কৰিলে মাকৰ গোটেই ফটোবোৰ লেপটপত ভৰাইলৈ এটা এলবাম বনাই ৰাখিব। এলবামটোৰ নাম দিব ” এৰি অহা সোণোৱালী দিন “। সেই এলবামটোৱে স্বাক্ষৰ বহন কৰিব তাৰ জীৱনত মাকৰ প্ৰভাৱ কিমান স্মৰণীয় আছিল। ভৱিষ্যতে মাকে লিখা গল্প , কবিতা , নাটক সকলোবোৰ একত্রিত কৰি একোখনকৈ কিতাপৰ আকাৰৰে প্ৰকাশ কৰিব । তেনেকৈয়ে জীয়াই ৰাখিব মাকৰ স্মৃতিবোৰ । আধৰুৱা জীৱনৰ ইতি কথাবোৰ।


(আগলৈ)

No comments