Breaking News

গোলাঘাটত দুৰ্গা পূজা সূচাৰুৰূপে অনুষ্ঠিত কৰা সন্দৰ্ভত পূজা সমিতিসমূহৰ সৈতে প্ৰশাসনৰ সভা



গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি সমাগত শাৰদীয় দুৰ্গা পূজা সূচাৰুৰূপে উদযাপন কৰা সন্দৰ্ভত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, পৌৰ প্ৰশাসন, পূজা সমিতিসমূহৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় । জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকাই সভাৰ কাৰ্যবিৱৰণি পাঠ কৰি দুৰ্গোৎসৱ সূচাৰুৰূপে উদযাপন কৰাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰে । আনহাতে পূজা অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ পৰা অনুমতি ল'বলৈ আবেদন কৰাৰ শেষ তাৰিখ ২৫ ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে । অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কয় যে প্ৰতিখন পূজা উদযাপন সমিতিয়ে নিজ নিজ পূজাথলীত পূজা মণ্ডপ নিৰ্মাণ কৰোতে ৰাজহুৱা বাট-পথ যাতে আৱদ্ধ নহয় তাৰ ওপৰত চকু দিব লাগিব । পূজা সমিতিসমূহে পৰ্যাপ্ত সংখ্যক স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব আৰু পুৰুষ মহিলাৰ বাবে প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া পথৰ ব্যৱস্থা কৰিব লাগিব । আজিৰ সভাত পূজাথলীত অগ্নি নিৰ্বাপক সঁজুলি মজুত ৰখা, পূজাথলীৰ আশে-পাশে যান-বাহন নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ পৰা বিৰত থকা, নিশা ১০ বজাৰ পিছত অনুভাষ যন্ত্ৰৰ ব্যৱহাৰ বন্ধ কৰা, মাদক দ্ৰব্যৰ ব্যৱহাৰ ৰোধ কৰা, অস্বাস্থ্যসন্মত ভাবে মুকলি ঠাইত খাদ্যবস্তুৰ বিক্ৰী বন্ধ কৰা, দৰ্শনাৰ্থীৰ বাবে পাৰ্কিঙৰ সু-ব্যৱস্থা কৰা আৰু প্ৰতিমা বিসৰ্জনৰ দিনা যান-যঁট ৰোধৰ বাবে ল'বলগীয়া সাৱধানতা, ধনশিৰি ঘাটত প্ৰতিমা বিসৰ্জনৰ সু-ব্যৱস্থা আদি সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহৰ লগতে পূজা সমিতিসমূহক কেতবোৰ নিৰ্দেশ দিয়া হয় । অতিৰিক্ত উপায়ুক্তগৰাকীয়ে পূজা সমিতিসমূহক পূজা মণ্ডপসমূহত চি চি টি ভি কেমেৰা সংস্থাপন কৰাৰ বাবেও আহ্বান জনায় । জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে সূচাৰুৰূপে আৰু শান্তিপূৰ্ণভাবে যাতে পূজা অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰে । সভাত অংশ লৈ গোলাঘাট পৌৰ সভাৰ সভানেত্ৰী শ্ৰীযুতা দুলুমনি বৰবৰাই পূজা স্থলীসমূহত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা হয় তাৰ প্ৰতি সকলোকে চকু দিবলৈ আহ্বান জনায় । সভাত আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা উপ আৰক্ষী অধীক্ষক শ্ৰী মাধুৰ্য বৰুৱাই পূজাৰ দিনকেইটাত আইন শৃংখলা অটুট ৰখাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে । আজিৰ সভাত পূজা সমিতিসমূহৰ প্ৰতিনিধিসকলে শাৰদীয় দুৰ্গোৎসৱ সূচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায় । সভাত অতিৰিক্ত উপায়ুক্তদ্বয় শ্ৰীযুতা পল্লৱী গগৈ আৰু চুলতানা আখটাৰা আহমেদ, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, চক্ৰ বিষয়াসকল, প্ৰশাসনৰ বিষয়াসকল আৰু পূজা সমিতিৰ ভালেসংখ্যক লোক উপস্থিত আছিল ।

No comments