Breaking News

ৰাছিয়ান সৈনিকৰ উপস্থিতিৰ বাবে ইউক্ৰেইন বিশ্ব জুডো চেম্পিয়নশ্বিপৰ পৰা নাম প্ৰত্যাহাৰ




ইউক্ৰেইনে সোমবাৰে কাটাৰত অনুষ্ঠিত বিশ্ব জুডো চেম্পিয়নশ্বিপৰ পৰা ৰাছিয়াৰ খেলুৱৈসকলৰ উপস্থিতিক লৈ নিজৰ দলটোৰ নাম প্ৰত্যাহ্বাৰ কৰিছে। ইউক্ৰেইনে এই সন্দৰ্ভত যুক্তি দিছিল যে তেওঁলোক সক্ৰিয় সৈনিক আছিল। আন্তৰ্জাতিক জুডো ফেডাৰেশ্যনে (আইজেএফ) ৰাছিয়া আৰু বেলাৰুছৰ জুডোকাসকলক ব্যক্তিগত নিৰপেক্ষ খেলুৱৈ হিচাপে প্ৰতিদ্বন্দিতা কৰা প্ৰৱন্ধত দোহাৰ ৭-১৪ মে'ৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ সেউজ সংকেত প্ৰদান কৰিছিল। কিন্তু ইউক্ৰেইনৰ জুডো ফেডাৰেচনে এক বিবৃতিত কয় যে , ৰাছিয়ান দলৰ বেছিভাগেই এথলীট যি ৰাছিয়ান ফেডাৰেচনৰ সশস্ত্ৰ বাহিনীৰ সক্ৰিয় সৈনিক আৰু  ২৪ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে ইউক্ৰেইন আক্ৰমণ কৰা সেনাৰ অংশ"। ফেডাৰেশ্যনে কৈছিল যে এটা ৰাছিয়াৰ সেনাই এতিয়াও আমাৰ ভূখণ্ডত এক নিৰ্মম পূৰ্ণ-স্তৰৰ যুদ্ধ চলাই আছে, ইউক্ৰেইনৰ চহৰসমূহ, অসামৰিক লোকৰ ঘৰত প্ৰতিদিনে গুলীবৰ্ষণ কৰি আছে, সাধাৰণ লোক আৰু শিশুক হত্যা কৰিছে"।"ইয়াৰ পৰিৱৰ্তে, ২৫০ তকৈও অধিক ইউক্ৰেইনৰ খেলুৱৈয়ে দেশখনৰ সুৰক্ষাৰ বাবে প্ৰাণ দিছে। তেওঁলোকৰ ভিতৰত আছে জুডোৰ প্ৰতিনিধি।" ফেডাৰেশ্যনে লগতে কয়: "আমি ইয়াত নিৰপেক্ষতা, সমান পৰিস্থিতি আৰু 'শান্তিৰ সেতু’ দেখা নাই, যিটো দোহাত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ৰাছিয়া আৰু বেলাৰুছৰ দলসমূহৰ অংশগ্ৰহণ সম্পৰ্কে আইজেএফ ৰ প্ৰস্তাৱত উল্লেখ কৰা হৈছিল। তদুপৰি, আমি ইয়াত এটা সিদ্ধান্ত দেখিছোঁ যি ২৮ মাৰ্চ, ২০২৩ৰ আন্তৰ্জাতিক অলিম্পিক সমিতিৰ শেহতীয়া পৰামৰ্শৰ বিৰোধিতা কৰে, য'ত আইঅচিয়ে কয় যে নিৰপেক্ষ খেলুৱৈৰ মৰ্যাদা কেৱল সেই খেলুৱৈসকলকহে প্ৰদান কৰিব পাৰি যিসকল সামৰিক কৰ্মী নহয়।"


আইঅ'চিৰ সভাপতি থমাছ বাকে যোৱা মাহত কৈছিল যে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰা নিষিদ্ধ কৰা ৰাছিয়ান আৰু বেলাৰুছৰ লোকসকলৰ ভিতৰত থাকিব "যুদ্ধক সক্ৰিয়ভাৱে সমৰ্থন কৰা খেলুৱৈ" আৰু লগতে "ৰাছিয়ান বা বেলাৰুছৰ সামৰিক বা ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাৰ সৈতে চুক্তিবদ্ধ খেলুৱৈসকল"।


No comments