Breaking News

বীৰাঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ অন্যতম উচ্চশিক্ষানুষ্ঠান বীৰাঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত যোৱা ১৬ ফেব্ৰুৱাৰী তাৰিখে সমাজতত্ত্ব বিভাগৰ উদ্যোগত আৰু 'গৱেষণা আৰু বিকাশ কোষ'ৰ সহযোগত এখনি ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰা হয় । যুৱগৱেষক সকলক উদ্দেশ্য কৰি আয়োজিত কৰা সন্মিলনখনিৰ আলোচনাৰ বাবে মূল বিষয় আছিল -" Contemporary trends in social science research" . উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়াই আৰু সমাজতত্ত্ব বিভাগৰ মূৰব্বী অধ্যাপক পাৰ্থপ্ৰতিম বৰাই উপস্থিত সকলোকে সম্বোধন কৰে । এই উদ্বোধনী অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ মুখ্য মহা প্ৰবন্ধক কাজল শইকীয়া উপস্থিত থাকে ।লগতে বিশ্ববিদ্যালয়খনৰ সমূহ শিক্ষকবৃন্দ , স্নাতকোত্তৰ মহলাৰ ছাত্ৰ- ছাত্ৰী সকল উপস্থিত থাকে । অনুষ্ঠানটোত মূলবক্তা হিচাপে উপস্থিত আছিল - তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অধ্যাপক ৰবীন ডেকা , উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ(শ্বিলং) অধ্যাপক কেডিলেজ' কিখি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক চন্দন কুমাৰ শৰ্মা । এওঁলোকে সমাজ বিজ্ঞান গৱেষণাৰ সম্পৰ্কত প্ৰদান কৰা বক্তব্যসমূহ সন্মিলনখনিৰ গুৰুত্বপূৰ্ণ অংশ আছিল । অধ্যাপক ৰবীন ডেকাই গৱেষণাৰ সৈতে জড়িত দৰ্শন, তত্ত্ব আৰু বিজ্ঞানৰ প্ৰসঙ্গ উল্লেখ কৰি কয় যে দৰ্শনে আমাক বিষয় এটা চাবৰ বাবে দৃষ্টিকোণ প্ৰদান কৰে । লগতে গৱেষণাত পূৰ্বকৃত অধ্যয়নৰ সমীক্ষাৰ গুৰুত্বৰ প্ৰসঙ্গৰে কয় যে এই সমীক্ষাই গৱেষণা কাৰ্য এটাৰ ৫০% কাম সম্পন্ন কৰি পেলায় । অধ্যাপক চন্দন কুমাৰ শৰ্মাই বৰ্তমান সময়ত আন্ত: বিষয় অধ্যয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কে নিজৰ বক্তব্য ৰাখে । ইয়াৰ পিছত অধ্যাপক কেডিলেজ' কিখিয়ে গৱেষক-গৱেষিকা সকল আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন দিশৰ জ্ঞানৰ প্ৰয়োজনীয়তাৰ কথা কোৱাৰ লগতে উত্তৰ পূবৰ বিভিন্ন জনগোষ্ঠীসমূহৰ অধ্যয়নৰ প্ৰসঙ্গও উল্লেখ কৰে ।ইয়াৰ পিছত ইনফৰমেটিভ টেকনিকেল চেছনত বিভিন্ন শৈক্ষিক অনুষ্ঠানৰ পৰা অহা গৱেষক -গৱেষিকাসকলে বিভিন্ন বিষয় সম্পৰ্কত নিজৰ মতামত ব্যক্ত কৰে ,লগতে বিষয়বোৰৰ সম্পৰ্কত আলাপ আলোচনা হয় । এই আলোচনাত উপস্থিত থকা সমল ব্যক্তিসকল আছিল - প্ৰফুল্ল নাথ ( জনগোষ্ঠী অধ্যয়ন বিভাগ ,অসম বিশ্ববিদ্যালয়, ডিফু চৌহদ ) , আব্দুল কুৱাইয়ুম ( শিক্ষাবিভাগ, আজিম প্ৰেমজী বিশ্ববিদ্যালয় , বাংগালুৰু) , বিকাশ ডেকা ( সমাজতত্ত্ব বিভাগ , ডিব্ৰুগড় বিশ্ববিদ্যালয় ) , তৰুণ গগৈ ( ৰাজনীতি বিজ্ঞান বিভাগ,শংকৰদেৱ মহাবিদ্যালয় , লক্ষীমপুৰ ) , প্ৰাঞ্জল প্ৰতিম বৰুৱা (OSD, Directorate of Higher Education, অসম চৰকাৰ ) , সুমিত কুমাৰ শৰ্মা ( ৰাজনীতি বিজ্ঞান বিভাগ , হেমপ্ৰভা বৰুৱা ছোৱালী মহাবিদ্যালয়,গোলাঘাট) । এই অংশত আলোচনাৰ মূল বিষয়সমূহ আছিল এনেধৰণৰ- নাৰীৰ সৈতে সম্পৰ্কিত অধ্যয়নৰ বিভিন্ন দিশ , সামাজিক -অৰ্থনৈতিক আৰু ৰাজনৈতিক বাস্তৱতা, গণমাধ্যম, লিংগ অধ্যয়ন, ঔপনিৱেশকতাবাদ , উত্তৰঔপনিৱেশিকতাবাদ , পৰিচয়, বনাঞ্চল সংৰক্ষণ,গোলকীকৰণ আদি। ইয়াৰ পিছত 'Plenary session' ত সভাপতি হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয় খনৰ ইংৰাজী বিভাগৰ অধ্যাপক দেৱভূষণ বৰা । এই অংশত সুমিত কুমাৰ শৰ্মাই সমাজ বিজ্ঞান কিদৰে মানুহৰ প্ৰতি দায়িত্বশীল সেই কথা উল্লেখ কৰে। প্ৰাঞ্জল প্ৰতিম বৰুৱা আৰু আব্দুল কুৱাইয়ুমে NEP২০২০ ৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ দিশসমূহ উল্লেখ কৰে । NEP য়ে কিদৰে শৈক্ষিক ক্ষেত্ৰত নতুন গাঁথনিক ৰূপ আনিবলৈ সক্ষম হʼব , শিক্ষাৰ গুণগত মানদণ্ডৰ লগতে দক্ষতাৰ বিকাশেৰে সকলোকে ভৱিষ্যতৰ বাবে কিদৰে বৃত্তিমুখী কৰি তুলিব, লগতে এই নীতিয়ে কিদৰে গৱেষণাৰ ক্ষেত্ৰত আন্ত: বিষয় অধ্যয়নৰ ওপৰত গুৰুত্ব দিছে আদিৰ বিষয়ে উল্লেখ কৰে । প্ৰফুল্ল নাথে অসম আন্দোলনৰ স্মৃতিৰ সম্পৰ্কত কিছুমান গুৰুত্বপূৰ্ণ দিশৰ উত্থাপন কৰে । তদুপৰি অমিয় কুমাৰ দাসে অনলাইনযোগে সন্মিলনত উপস্থিত থাকি সমাজতত্ত্বত শাসনব্যৱস্থাসমূহৰ গৱেষণাৰ সমস্যা আৰু প্ৰত্যাহ্বান সমূহৰ বিষয়ে নিজৰ মতামত প্ৰেৰণ কৰে । অনুষ্ঠানৰ শেষৰ ফালে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়াই উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমাজ বিজ্ঞান গৱেষণাৰ জৰিয়তে আমি কিদৰে মানুহ আৰু ভিন্ন সমাজক বুজিব পাৰোঁ তাৰ বিষয়ে তেওঁ চমুকৈ বক্তব্য প্ৰৰণ কৰে । ইয়াৰ পিছত সমূহ অংশগ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। বিদ্যায়তনিক আলোচনাৰ এই অনুষ্ঠানটো বিভাগটোৰ সমূহ শিক্ষকবৃন্দৰ লগতে গৱেষকশিক্ষাৰ্থীসকলৰ সুপৰিচালনাত সফলতাৰে সামৰণি পৰে । এই অনুষ্ঠানটোৱে উপস্থিত সমূহ শিক্ষাৰ্থীসকলৰ লগতে গৱেষক গৱেষিকাসকলক জ্ঞান অন্বেষণৰ বিভিন্ন দিশত নতুন পথৰ সন্ধান দিব ।বিশ্ববিদ্যালয়খখনে শৈক্ষিক বিকাশৰ বাবে লোৱা এই প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয় । ভৱিষ্যতেও এনে বিদ্যায়তনিক অনুষ্ঠানৰ জৰিয়তে বিশ্ববিদ্যালয়খনে শৈক্ষিকক্ষেত্ৰ খনত অৱদান আগবঢ়াব বুলি আশা কৰিব পাৰি ।

No comments