Breaking News

দেশ বুলিলে আদেশ নালাগে, কবিঃ ৰূপজ্যোতি ফুকন






 দেশ বুলিলে আদেশ নালাগে

(ছহিদ জিন্টু গগৈ, বিজয় উৎসৱ লগনত)


                                                                                কবিঃ ৰূপজ্যোতি ফুকন


যুঁজৰ তামীঘৰাত মোৰ ঠিকনা

দুখুনী আইৰ বাবেই মই চামুৰাই

মোৰ তেজৰ সিৰাৰ ঢলত নাচে

ঝঞ্জা বিজয়ী বীৰৰ কল্লোল


কাৰ্গিল!


তোমাৰ শিলৰ বুকুত নিনাদি উঠক

দেশ মাতৃৰ বন্দিত বন্দনা

"ভাৰত মাতা কি জয়"


মই

আকৌ উভতি আহিম এই বাটেৰেই

আইৰ শুকুলা আচল চুই

বাৰুদৰ শৱদত উভতিব শতৰু

মোৰ জনমভূমিৰ শকতি চাই

কাৰ্গিল সাৰে থাকা

মই ওভতালৈ

যুঁজৰ তামীঘৰাত আকৌ নিনাদ হ'ব

ভাৰত মাতা কি জয়।



No comments