Breaking News

ICSE- ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল বিশ্বনাথৰ অস্মিতা কাকতিৰ



ডিজিটেল ডেস্কঃ ইণ্ডিয়ান চাৰ্টিফিকেট অৱ ছেকেণ্ডেৰী এডুকেশ্যন অৰ্থাৎ ICSE-ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিশ্বনাথৰ অস্মিতা কাকতিয়ে I অস্মিতা কাকতি  বিশ্বনাথ জিলাৰ বৰগাং চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক জ্যোতিৰ্ময় কাকতি আৰু নৱনিতা কাকতিৰ কন্যা । 

উল্লেখ্য যে, অস্মিতাই  ৯৯.৭৫% নম্বৰ লাভ কৰি দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিছে। অস্মিতাই তিনিটা বিষয় ক্ৰমে বুৰঞ্জী, মনোবিজ্ঞান আৰু সমাজ বিজ্ঞানত ১০০ নম্বৰ, ইংৰাজী আৰু ৰাজনীতি বিজ্ঞান বিষয়ত ক্ৰমে ৯৯ আৰু ৯৫ নম্বৰ লাভ কৰে।

No comments