Breaking News

গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা অনিমা কুটুমৰ কৃতিত্ব



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা অনিমা কুতুমলৈ পিএইচ ডিগ্ৰী।  ইউনিভাৰ্ছিটি অৱ ছায়েন্স্ এণ্ড টেকন'লজি,  মেঘালয় (USTM) ৰ পৰা উদ্ভিদ বিজ্ঞান শাখাত তেওঁৰ গৱেষণা প্ৰতিবেদন (Thesis) “STUDIES ON AQUATIC MACROPHYTES OF WETLANDS IN RELATION TO WATER QUALITY OF GOLAGHAT DISTRICT OF ASSAM, INDIA”ৰ বাবে পি.এইচ ডিগ্ৰী প্ৰদান কৰা হৈছে। তেওঁৰ গৱেষণা কৰ্ম USTM ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ পৰিনীতা হাজঙৰ তত্ত্বাৱধানত আৰু CSIR-NEIST যোৰহাটৰ জ্যেষ্ঠ প্ৰধান বিজ্ঞানী, সহ-নিৰীক্ষক  ড০ সিদ্ধাৰ্থ প্ৰতীম শইকীয়াৰ পৰামৰ্শত সম্পন্ন কৰে। তেওঁৰ গৱেষণা প্ৰতিবেদন পশ্চিমবংগৰ কল্যাণী বিশ্ববিদ্যালয়ৰ  অধ্যাপক ড০ মলয় কুমাৰ আদক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ কুমানন্দ টাৱুঙৰ দ্বাৰা সন্মানিত কৰা হৈছে। অনিমা কুটুম গোলাঘাট চানমাৰীৰ নিবাসী  ৰোহিত দলেৰ পত্নী আৰু বোকাখাতৰ গুণিৰাম কুতুম আৰু ভানু কুতুমৰ কন্যা। বৰ্তমান অনিমা কুটুম গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত। 

No comments