Breaking News

২৮ মাৰ্চত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস

২৮ মাৰ্চত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰকাশ পাব অপূৰ্ব কুমাৰ বৰুৱাৰস্মাৰক গ্ৰন্থ। প্ৰদান কৰা হ'ব তিনিটাকৈ ৰাজ্যিক বঁটা ।




ডিজিটেল সংবাদ, গোলাঘাটঃ অহা ২৮ মাৰ্চত হীৰক জয়ন্তী বৰ্ষ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই শুভক্ষণত গোলাঘাট জিলা সাংবাদিক সংস্থাই প্ৰকাশ কৰি উলিয়াব সদ্য প্ৰয়াত সাংবাদিক, সমাজকৰ্মী,লেখক অপূৰ্ব কুমাৰ বৰুৱা স্মাৰক গ্ৰন্থ। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি,সংস্থাৰ পিতৃ স্বৰূপ অপূৰ্ব কুমাৰ বৰুৱাৰ স্মৃতি সজীৱ কৰাৰ প্ৰয়াস গোলাঘাট জিলা সাংবাদিক সংস্থাৰ। এই স্মাৰক গ্ৰন্থৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে সম্পাদনা সমিতি। জ্যেষ্ঠ সাংবাদিক তথা গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উপ-সভাপতি দ্বীপমণি খাটনিয়াৰ আৰু সাংবাদিক পাৰ্থপ্ৰতিম শইকীয়াক সম্পাদক হিচাপে লৈ গঠন কৰা হয় এখনি সম্পাদনা সমিতি। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰতিষ্ঠা দিৱসতেই অযোধ্যা প্ৰসাদ গোস্বামী সোঁৱৰণী শ্ৰেষ্ঠ সাংবাদিকতা বঁটা, কৌস্তুভমণি হাজৰিকা সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা আৰু অমূল্য দত্ত সোঁৱৰণী মফছলীয় সাংবাদিকতা বঁটা প্ৰদান কৰা হ'ব। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈৰ সভাপতিত্বত অনুষ্ঠিত এক কাৰ্যনিবাহক সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে। সংস্থাৰ সাধাৰণ সম্পাদক গিৰীন বৰাই আঁত ধৰা সভাখনিত উপ-সভাপতি অৰুণ বিকাশ বৰুৱা, হেমন্ত শইকীয়া, দীপমণি খাটনিয়াৰ, সপোন তামূলী, সম্পাদক প্ৰণৱ চক্ৰৱৰ্তী, দেৱাশীষ সাহা, সোণেশ্বৰ বাঢ়ৈ আদিয়ে পৰামৰ্শ আগবঢ়ায়।

No comments