গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ, ডি আৰ কলেজৰ প্ৰাক্তন উপাধ্যক্ষ তথা সমাজকৰ্মী ৰীনা বৰদলৈৰ পৰলোকপ্ৰাপ্তি
ডিজিটেল সংবাদ, ডেস্কঃ গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ, দেৱৰাজ ৰয় কলেজৰ প্ৰাক্তন উপাধ্যক্ষ তথা সমাজকৰ্মী ৰীনা বৰদলৈৰ পৰলোকপ্ৰাপ্তি। এই দুঃসংবাদে আজি গোলাঘাটৰ শিক্ষাজগত আৰু সামাজিক ক্ষেত্ৰখনত গভীৰ শোকৰ ছাঁ পেলাই। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৮ বছৰ।
পৰিয়ালবৰ্গই জনোৱা অনুসৰি, দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা বিশিষ্ট শিক্ষাবিদগৰাকীয়ে শনিবাৰে পুৱা প্ৰায় ৯ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৪৮ চনৰ ২৮ মে'ত গোলাঘাটৰ এক সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ৰীনা বৰদলৈ আছিল গোলাঘাটৰ বিশিষ্ট ব্যক্তি গোলাপ চন্দ্ৰ বৰুৱাৰ কন্যা। তেখেতে গোলাঘাট মিছন স্কুলৰ পৰা (বৰ্তমানৰ খ্ৰীষ্টান হাই স্কুল) স্কুলীয়া শিক্ষা সমাপ্ত কৰি গোলাঘাটৰে দেৱৰাজ ৰয় কলেজৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাৰ স্নাতকোত্তৰ ডিগ্ৰী সফলতাৰে লাভ কৰে। উচ্চ শিক্ষা সমাপ্ত কৰি তেখেতে নিজৰ শিক্ষানুষ্ঠান দেৱৰাজ ৰয় কলেজতে প্ৰাণী বিজ্ঞান বিভাগত অধ্যাপিকা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।
সুদীৰ্ঘ বছৰ ধৰি অত্যন্ত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই তেখেতে মহাবিদ্যালয়খনৰ বিভাগীয় মুৰব্বী আৰু পৰৱৰ্তী সময়ত উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি সন্মানসহকাৰে অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰগ্ৰহণৰ পিছতেই গুৱাহাটীত নিগাজীকৈ বসবাস কৰিবলৈ লোৱা বৰদলৈ কেৱল শিক্ষাক্ষেত্ৰতে আৱদ্ধ নাথাকি তেখেত গোলাঘাটৰ বহু সামাজিক, সাংস্কৃতিক আৰু জনকল্যাণমূলক অনুষ্ঠানৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত আছিল। চলিত বৰ্ষত দেৱৰাজ ৰয় কলেজৰ ৭৫ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত তিনিটি সন্তান, পৰিয়ালবৰ্গ আৰু বহু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।
গোলাঘাটৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক, শিশু বিশেষজ্ঞ, বিশিষ্ট চিকিৎসক প্ৰয়াত ডাঃ ভৱেন্দ্ৰ কুমাৰ বৰদলৈ সহধৰ্মিনী তথা সৰবৰহী মহিলাগৰাকীৰ বিয়োগত সমগ্ৰ গোলাঘাট অঞ্চলৰ লগতে দেৱৰাজ ৰয় কলেজ পৰিয়ালৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে। বিভিন্ন দল-সংগঠন, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
জননী লাইভ পৰিয়ালেও বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।

No comments