Breaking News

অসম আৰক্ষীৰ ওপৰত মিজো দুৰ্বৃত্তৰ আক্ৰমণ সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া



অসম মিজোৰাম সীমান্তত মিজো উগ্ৰপন্থীৰ দ্বাৰা চলোৱা গুলিত অসম পুলিচৰ ৬ জনকৈ জোৱান নিহত হোৱাৰ উপৰিও কেইবাজনো আৰক্ষী তথা সাধাৰণ লোক আহত হৈছে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। 

যদিও মিজো দুৰ্বৃত্ত বুলি কোৱা হৈছে, মোৰ অনুভৱ হয়, এয়া খুব সম্ভৱ মিজো আৰক্ষীয়ে হ'ব। আজিৰ পৰা প্ৰায় ৯ মাহ আগতেই মিজো আৰক্ষীৰ সহযোগিতাত মিজো লোকে অসমৰ ভূমি বেদখল কৰি আহিছে। মই নিজেও সেই অঞ্চল পৰিভ্ৰমণ কৰিছিলোঁ আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰি দাবী জনাইছিলোঁ। কিন্তু আমাৰ কথা চৰকাৰে নুশুনিলে তাৰ ফলশ্ৰুতিত আজিৰ এই ঘটনা সংঘটিত হৈছে।চলি থকা অসম বিধানসভাৰ বাজেট অধিবেশনতো মই সোধা এক প্ৰশ্ন উত্তৰত জনোৱা হৈছিল যে, ২০১৬ চনৰ পৰা এতিয়ালৈকে চুবুৰীয়া ৰাজ্যৰ লোকে ২০৯ বাৰ অসমৰ ভূমিত আগ্ৰাসন কৰিছে।

মই ইয়াৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তাৎক্ষণিকভাবে এই ঘটনাৰ তদন্ত কৰি দোষীক উচিত শিক্ষা দিয়াৰ উপৰিও সীমান্ত অঞ্চলৰ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছোঁ।

No comments