Breaking News

টকিঅ' অলিম্পিকত জয় লাভ অসম কন্যা লাভলীনাৰ

 



ডিজিটেল ডেস্কঃ অলিম্পিকৰ আৰু এটা ৰাউণ্ড পাৰ কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে।টকিঅ' অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা লাভলীনা বৰগোহাঁই। দুৰ্দান্ত প্ৰদৰ্শনৰে প্ৰি কোৱাৰ্টাৰত জয় লাভ লাভলীনাৰ। ৬৯ কেজি ৱেলটাৰ ৱেইট শাখাত বিজয়ী লাভলিনা।লাভলীনাই পৰাস্ত কৰিলে জাৰ্মানীৰ  নাদিন এপেজক ৩-২ ব্যৱধানত। 

উল্লেখ্য যে, অহা ৩০ জুলাইত কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব আৰু চীনা টাইপেইৰ নিয়ান চিন চেনৰ মুখামুখি হ'ব লাভলীনা। 

তেওঁ ছেমিফাইনেলত উপনীত হোৱাৰ লগে লগে তেওঁৰ ব্ৰঞ্জৰ পদক নিশ্চিত হ'ব।

No comments