প্ৰাচীৰ পত্ৰিকা ' ভিবজিঅ' ৰ ' উন্মোচন
গোলাঘাট, জুলাই : গোলাঘাট নগৰৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ১০ জুলাইত অনুষ্ঠিত হ'ব লগীয়া চৰ্তুবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ প্ৰাক ক্ষণত আজি শিক্ষানুষ্ঠানখনৰ বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ' ভিবজিঅ' ৰ ' শীৰ্ষক প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ পুতুল চন্দ্ৰ শইকীয়াই । উন্মোচনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাসে। ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰেক্টৰ ড০ তুলেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বন্তি প্ৰজ্বলন কৰে ৰেক্টৰগৰাকীয়ে। লগতে উপস্থিত থাকে ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালন সঞ্চালক দীপক কুমাৰ গগৈ আৰু বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ড৹ দেৱজিত দত্ত ।
মুখ্য অতিথিক এখনি ফুলাম গামোচা, এখনি সফুঁৰা আৰু এখন সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। প্ৰাচীৰ পত্ৰিকাখন প্ৰকাশ কৰি উলিওৱা সম্পাদনা সমিতিৰ সদস্য ক্ৰমে মনীষা বৰা, প্লাৱিতা গগৈ (অসমীয়া বিভাগ), পিংকি তামুলী (হিন্দী বিভাগ)আৰু কাশ্মিৰী শইকীয়া আৰু বৰ্ণিশা গগৈ( ইংৰাজী বিভাগ)আৰু প্ৰাচীৰ পত্ৰিকাখন পূৰ্ণাংগ ৰূপত সজাই তোলা গাৰ্গী গগৈ(সম্পাদক), কৃতিশা মুদৈ (সহ সম্পাদক) জেছিকা গগৈ (সহ সম্পাদক) অনুষ্কা গুপ্তা,আফৰিণ চুলতানা, দিক্ষিতা শইকীয়া, শ্বাহৰিণ চুলতানা, প্ৰিয়া দেৱী, অংকুৰিতা দেৱী, আন্তৰা আনিচা,প্ৰজ্ঞা প্ৰিয়া বৰুৱাৰ সমূহীয়া প্ৰচেষ্টাৰ শলাগ লয় মুখ্য অতিথি গৰাকীয়ে আৰু তেওঁলোকক একোখনকৈ মানপত্ৰ প্ৰদান কৰে। অনুষ্ঠানত উন্মোচক ড৹ পুতুল চন্দ্ৰ শইকীয়াই তেখেতৰ সাৰুৱা বক্তব্যই ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-কৰ্মচাৰীসকলক উৎসাহিত কৰে। শিক্ষয়িত্ৰী মনীষা বৰাই আঁত ধৰা প্ৰাচীৰ পত্ৰিকা উন্মোচনী অনুষ্ঠানত ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উপাধ্যক্ষ লক্ষ্যজ্যোতি দুৱৰা প্ৰমুখ্যে অন্যান্য শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ -ছাত্ৰী সকল উপস্থিত থাকে।


No comments