Breaking News

পৰিচালক শ্ৰেণীৰ লোকৰ কৰ্মস্থলীৰ চাপ আৰু মানসিক স্বাস্থ্য সম্পৰ্কীয় গৱেষণাক আদৰণি নেটাৰ



গোলাঘাট, ৬ জুলাই : নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটাই অলপতে এজন গৱেষকৰ শেহতীয়া গৱেষণাক আদৰণি জনাইছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিজনেছ এডমিনিষ্ট্ৰেছন বিভাগৰ গৱেষক প্ৰাংশু ৰাজ কৌশিকে ব্ৰক্ষ্মপুত্ৰ গেছ ক্ৰেকাৰ প্ৰকল্প আৰু নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ অন্তৰ্গত কেইখনমান চাহ বাগিচাৰ পৰিচালক মণ্ডলীৰ কৰ্মস্থলীত সন্মুখীন হোৱা চাপ আৰু উদ্বিগ্নতা আৰু ইয়াৰ ফলত মানসিক স্বাস্থ্যত পৰা প্ৰভাৱ সম্পৰ্কে গৱেষণা কৰি ডক্তৰেট উপাধি লাভ কৰিবলৈ সক্ষম হৈছে। চাহ বাগিচাৰ পৰিচালক সকলে চাহ উদ্যোগ এটা জীয়াই ৰখাৰ লগতে গতিশীলতা প্ৰদান কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ক্ষেত্ৰত পৰিচালক সকলে চাহ বাগিচাৰ চাহৰ উৎপাদন, শ্ৰমিক আৰু মালিকপক্ষৰ মাজত এক যোগসূত্ৰকাৰীৰ ভূমিকা পালন,  চাহ উদ্যোগে সন্মুখীন হোৱা নিত্য নতুন প্ৰত্যাহ্বান, প্ৰশাসনীয় আৰু বিত্তীয় দিশৰ চোৱাচিতা সকলোখিনি কৰিব লাগে।  ফলত তেওঁলোকে যথেষ্ট মানসিক চাপ আৰু উদ্বিগ্নতাৰ মাজত সময় কটাবলগীয়া হয় আৰু ই তেওঁলোকৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়। কিন্তু এই ক্ষেত্ৰত বিশেষ কোনো গৱেষণা হোৱা নাছিল আৰু শেহতীয়াকৈ ড০ প্ৰাংশু ৰাজ কৌশিকে ব্ৰক্ষ্মপুত্ৰ গেছ ক্ৰেকাৰ প্ৰকল্প আৰু নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ কেইখনমান চাহ বাগিচাৰ পৰিচালক মণ্ডলীৰ কৰ্মস্থলীত সন্মুখীন হোৱা চাপ আৰু মানসিক স্বাস্থ্য সম্পৰ্কে কৰা গৱেষণাই এক নতুন দিশ উন্মোচিত কৰিলে। এতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষই নিজৰ নিজৰ পৰিচালক - কৰ্মচাৰীৰ মানসিক স্বাস্থ্য সুস্থিৰ আৰু সবল কৰি ৰাখিবলৈ যথোচিত ব্যৱস্থা গ্ৰহণ কৰি মানৱ সম্পদৰ গুণগত মান উন্নত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰিব বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰে নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে। উল্লেখ্য যে ড০ প্ৰাংশু ৰাজ কৌশিকে এই গৱেষণা কৰিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ মেনেজমেন্ট ষ্টাডিজৰ অধ্যক্ষ প্ৰাধ্যাপক প্ৰতীম বৰুৱাৰ তত্বাৱধানত। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু নেটাৰ মাজত বিগত বৰ্ষত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল আৰু তাৰ পিছত এয়াই প্ৰথম ঘটনা য'ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নেটাৰ অধীনস্থ চাহ বাগিচাক গৱেষণাৰ বিষয় হিচাপে বাচনি কৰি লৈছে। এই গৱেষণাই চাহ বাগিচাৰ পৰিচালক সকলে কৰ্মস্থলীত ভোগ কৰা চাপ আৰু উদ্বিগ্নতা আৰু অন্যান্য সমস্যাৰাজিৰ বিষয়ে  চাহ উদ্যোগৰ মালিকপক্ষই বহুখিনি কথা বুজি পাবলৈ সক্ষম হ'ব আৰু এইবিলাক নিৰ্মূল কৰাৰ বাট উলিয়াই চাহ উদ্যোগটোক আৰু অধিক গতিশীলতা প্ৰদান কৰাৰ প্ৰচেষ্টা কৰিব বুলি আশা ব্যক্ত কৰে বৰকাকতিয়ে। 


No comments