Breaking News

ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ চতুৰ্বিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি অনুষ্ঠান সম্পন্ন: কৃতী শিক্ষাৰ্থীক বঁটা প্ৰদান আৰু সম্বৰ্ধনা

 




গোলাঘাট, ১১ জুলাই : গোলাঘাটৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ চতুৰ্বিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি অনুষ্ঠান কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ ৰেক্টৰ ড° তুলেন্দ্ৰ নাথ হাজৰিকাই পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে ৰেক্টৰ ড° তুলেন্দ্ৰ নাথ হাজৰিকা আৰু অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাসে শিক্ষানুষ্ঠান খনৰ প্ৰতিষ্ঠাপক ৰূপক গগৈ, জীৱকান্ত গগৈ, দীপক ৰয়, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতে অনুষ্ঠিত সভাত ৰেক্টৰ ড° তুলেন্দ্ৰ নাথ হাজৰিকাই সভাপতিত্ব কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ স্কুল হেল্থৰ এছডিএম অ' এণ্ড এইচঅ' ডাঃ ৰঞ্জিত হাজৰিকা। অনুষ্ঠানত অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাস, ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালন সঞ্চালক দীপক কুমাৰ গগৈ, বিশিষ্ট শিক্ষাবিদ ড° বিপুল চন্দ্ৰ ভূঞা, ড° লুকুমণি গোস্বামী, মামণি শইকীয়া তামুলী, টংকেশ্বৰ পাঠক, যতীন শৰ্মা, ৰাতুল শইকীয়া, হেমন্ত বৰা, উপাধ্যক্ষ লক্ষ্যজিৎ দুৱাৰা আৰু গোলাঘাট জাতীয় বিদ্যালয়ৰ শিক্ষক তথা সাংবাদিক সিদ্ধাৰ্থ সন্দিকৈ উপস্থিত থাকে। উপস্থিত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়।

অধ্যক্ষ প্ৰিয়ংকা শইকীয়া দাসে আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয় গীত পৰিৱেশন কৰে। অনুষ্ঠানটি পৰিচালনা কৰে পাৰ্থ প্ৰতিম বিশ্বাসীয়ে।

মুখ্য অতিথি ডা° ৰঞ্জিত হাজৰিকাই নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাই কৈশোৰকালৰ গুৰুত্ব, বিভিন্ন প্ৰত্যাহ্বান আৰু জীৱনত সঠিক দিশ নিৰ্বাচনৰ ওপৰত আলোকপাত কৰে। নৱাগত ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে অমিত নাগৰীয়ে।

এই উপলক্ষে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। জীৱকান্ত গগৈ স্মৃতি ন্যাসৰ ফালৰ পৰা কলা শাখাৰ শ্যামন্তিকা গগৈ, বিজ্ঞান শাখাৰ তাছনীম আহমেদ, বাণিজ্য শাখাৰ সৰগুণ কৌৰ চোখী আৰু দশম শ্ৰেণীৰ মেঘনা দত্তক প্ৰমাণপত্ৰৰ লগতে ৫ হাজাৰ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰি মামণি শইকীয়া তামুলীয়ে একাদশ আৰু নবম শ্ৰেণীত সৰ্বাধিক নম্বৰ লাভ কৰা তিনিগৰাকী শিক্ষাৰ্থীক এক হাজাৰ টকাকৈ নগদ পুৰস্কাৰ আগবঢ়ায়।

অনুষ্ঠানত দুগৰাকী ডিষ্টিংচন প্ৰাপক , ৬৫ গৰাকী ষ্টাৰ মাৰ্ক প্ৰাপক আৰু হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিভিন্ন বিষয়ত ৯০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ৮৫ গৰাকী শিক্ষাৰ্থীকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। পৰৱৰ্তী কাৰ্যসূচীত 

 সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়  য'ত বিভিন্ন মনোজ্ঞ অনুষ্ঠান পৰিৱেশন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানৰ আঁত ধৰে গাৰ্গী গগৈ আৰু জ্যোতিস্মিতা বৰাই। অনুষ্ঠানৰ অন্তত অধ্যক্ষ প্ৰিয়ংকা শইকীয়া দাসে শলাগৰ শৰাই আগবঢ়ায়। পৰিচালন সঞ্চালক দীপক কুমাৰ গগৈয়ে উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত এছ. এন. ডেকা, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

No comments