Breaking News

মানৱ জাতি উত্তৰণত প্ৰকৃতিৰ সংৰক্ষণ আৰু সংবৰ্দ্ধন

 


  

উৎপল দাস


হাৰ্বাট স্পেনচাৰৰ মতে– ‘বিজ্ঞান হ’ল সংঘবদ্ধ জ্ঞান’৷ সহজ ভাষাত বিজ্ঞান হ’ল আমি পৰ্যবেক্ষণৰ পৰা সংগ্ৰহ কৰা বাস্তৱিক, পৰীক্ষামূলক তথ্যভিত্তিক জ্ঞানৰ কিছু কথা৷ সেই জ্ঞানৰ শ্ৰেণী বিভাজন আৰু মূল নীতিৰ শৃংখলাৱদ্ধ বিকাশেই বিজ্ঞান৷ মানৱ সভ্যতাত বিজ্ঞানে কেতিয়াবা আশীৰ্বাদ আৰু কেতিবায়া অভিশাপ হিচাপেও প্ৰভাৱ বিস্তাৰ কৰি আহিছে৷ সেয়েহে মানুহে যু্‌ক্তিৰে বিবেচনা কৰি বিজ্ঞানৰ অৱদানসমূহ সঠিকভাৱে নিৰূপন কৰি ইয়াৰ ব্যৱহাৰ কৰাটো উচিত৷ তেতিয়াহে বিজ্ঞানৰ দ্বাৰা সৃষ্ট অৱদানে মানৱ সমাজত কল্যাণ সাধিব পাৰিব৷ নহ’লে এদিন বিজ্ঞানৰ অপপ্ৰয়োগে ইয়াৰ অৱদানসমূহৰ বাবেই এটা দিনত বিশ্ব সভ্যতা ধবংস হোৱাৰ অৱকাশ আছে৷ মানুহ চেতনাশীল আৰু চিন্তাশীল প্ৰাণী৷ এই গুণৰ অধিকাৰী বাবেই মানুহক জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়৷ মানুহৰ প্ৰচেষ্টা আৰু প্ৰকৃতিৰ অধ্যয়নো হ’ল বিজ্ঞান৷ প্ৰকৃতিক অধ্যয়ণ কৰি ইয়াৰ ৰহস্য উদ্‌ঘাটন কৰাৰ লগতে ইয়াৰ লগত জড়িত হৈ থকা বিশেষ পদ্ধতিয়েই হ’ল বৈজ্ঞানিক পদ্ধতি৷ যি পদ্ধতিৰ দ্বাৰা প্ৰকৃতিৰ ঘটনা পৰিঘটনা, প্ৰাকৃতিক উপাদান আদি বিশেষণ কৰি সত্যৰ সন্ধান কৰিব পাৰি৷ সেয়েহে বিজ্ঞান যে গতিশীল, ইয়াৰ বিকাশ আৰু প্ৰগতি চিৰন্তন, তাত কাৰো সন্দেহ নাই৷  

কিন্তু এইটোও ঠিক যে  বিজ্ঞানে মানুহৰ বাহ্যিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰি পৰিৱৰ্তন সাধন কৰাৰ লগতে মানুহৰ মানসিকতাৰ বিকাশত ইন্ধন যোগাই আহিছে৷  ফলত আজিৰ বিশ্ব সম্পূৰ্ণ সলনি হৈ গৈছে৷ কিন্তু আমি এইটোও লক্ষ্য কৰা উচিত যাতে বিজ্ঞানে আমাক দাসত্বত পৰিণত কৰিব নোৱাৰে৷ সম্প্ৰতি সময়ত বিজ্ঞানৰ সৃষ্ট উপাদানৰ অবিহনে এখোজো যাব নোৱাৰাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱলৈ লোৱা পৰ্যন্ত কেৱল বিজ্ঞানৰ চমৎকাৰী উপাদানৰ ওপৰতে নিৰ্ভৰশীল আজি সমাজ ব্যৱস্থা৷ যাৰ বাবে বিজ্ঞানবিহীন জীৱন অসাৰ প্ৰতিপন্ন কৰি বিজ্ঞানে আমাক দাসত্বৰ শিকলি পিন্ধাবলৈ আৰম্ভ কৰিছে৷ বিজ্ঞানে মানৱকূলৰ জীৱন পৰিক্ৰমা অকল্পনীয়ভাৱে সলনি কৰিছে৷ ইয়াৰ দ্বাৰা উন্নয়ন সাধিব পাৰিছে সঁচা, কিন্তু/ ইয়াৰ সমান্তৰালভাৱে বিজ্ঞানে যে মানৱ সমাজলৈ অশান্তি আৰু ধবংস মাতি আনিছে তাকো আমি একাষাৰে নুই কৰিব নোৱাৰোঁ৷ উদাহৰণস্বৰূপে যাতায়াত, পৰিবহন, শিল্প, কৃষি আদিৰ ক্ষেত্ৰত বিজ্ঞানৰ ন ন  প্ৰযুক্তিৰ উপাদানেৰে যিবোৰ অৱদান আগবঢ়াইছে সেইবোৰৰ অতিৰিক্ত ব্যৱহাৰে পৰিৱেশ প্ৰদূষিত হৈ মানৱ সভ্যতাৰ অস্তিত্বৰ প্ৰতিও ভাবুকিস্বৰূপ হৈ পৰিছে৷ ইফালে বিজ্ঞানে জীৱ বিধবংসী অস্ত্ৰ-শস্ত্ৰ, পাৰমানৱিক বোমা, বাৰুদ, বন্দুক, যুদ্ধ জাহাজ আদি বিভিন্ন আৱিষ্কাৰে বিশ্বৰ শান্তিত ব্যাঘাত জন্মাইছে৷ ইয়াৰ পৰাই যদি চাও আমি, বিজ্ঞানে কৰিব নোৱাৰাৰ কাম আজিৰ তাৰিখত একোৱেই নাই৷ পৃথিৱীখন নিচেই কম সময়ৰ ভিতৰতেই ধবংস কৰি দিব পাৰে বিজ্ঞান সৃষ্ট আধুনিক প্ৰযুক্তিৰে৷ কিন্তু আশ্বৰ্যকৰ কথা সম্প্ৰতি বিশ্বৰ ত্ৰাস সৃষ্টিকাৰী ক’ভিড-১৯ৰ দৰে এটা ক্ষুদ্ৰ বীজাণুক আধুনিক বিশ্বই ধবংস কৰা বা প্ৰতিহত কৰিবলৈ সক্ষম হোৱা নাই৷ যুগ যুগ ধৰি এখন দেখে আন এখন দেশক চাপত ৰাখিবলৈ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুত কৰি আহিছে৷ কিন্তু আজি এটা ক্ষুদ্ৰ বীজাণুৱে নিমিষতে তচনচ কৰি মৃত্যু উপত্যকাত পৰিণত কৰিছে সমগ্ৰ বিশ্ব৷ এখনৰ পাছত আন এখন শক্তিধৰ ৰাষ্ট্ৰৰ মুৰব্বীসকলে কিন্তু এই গণ সংহাৰ নীৰৱে প্ৰত্যক্ষ কৰাৰ বাহিৰে ইয়াৰ কোনো বিকল্প পথ বিচাৰি পোৱা নাই৷ আধুনিক যুগৰ বিজ্ঞানৰ ন ন আৱিষ্কাৰেও যেন প্ৰকৃতিৰ এই ৰুষ্ট গতিপথক ৰোধ কৰাৰ সামৰ্থ নাই৷ হয় নিশ্চয়কৈ ক’ব লাগিব যে প্ৰকৃতিৰ এই ৰুষ্ট গতিক ক্ষান্ত কৰাৰ সামৰ্থ বিজ্ঞান-কিম্বা জীৱশ্ৰেষ্ঠ মানুহৰ হাতত নাই৷  আমি হ’লো প্ৰকৃতিৰ দাস৷ প্ৰকৃতিৰ সৃষ্টিৰাজীয়ে যেন আমাক দি গৈছে জীয়াই থকাৰ আনন্দ৷ বিশ্বৰ চৌদিশে  আজি গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ লৈছে৷ কাৰণ চৌদিশে উদ্যোগীকৰণৰ দিশে অগ্ৰসৰ হৈছে৷ কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত ধোঁৱা, গাড়ী-মটৰৰ পৰা নিৰ্গত বিষাক্ত ধোঁৱা, গেছ আদিয়ে পৃথিৱীৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷ তাৰ মাজতে আকৌ একাংশ জীৱশ্ৰেষ্ঠ মানৱে প্ৰকৃতিৰ সৃষ্ট বনাঞ্চল জধে-মধে ধবংস কৰাৰ প্ৰতিযোগিতাত নামিছে৷ ইয়াৰ কু-ফল যে আমি ভোগ কৰিব লগা হৈছে সেয়া ক’ভিড-১৯য়েই উপযুক্ত উদাহৰণ৷ অদূৰ ভৱিষ্যতে আৰু অধিক ভয়ানক আৰু জটিল পৰিৱেশৰ সৈতে মুখামুখি হ’বলৈ আজিৰ মানৱ সমাজ যে সাজু হৈ থাকিব লাগিব সেয়া ধুৰূপ৷ কিয়নো প্ৰকৃতিয়ে হৈছে জীৱজগতৰ প্ৰাণ৷ প্ৰকৃতিয়ে সদায়ে জীৱজগতৰ বাবেই দায়িত্ব পালন কৰি আহিছে৷ কিন্তু জীৱশ্ৰেষ্ঠ মুখাপিন্ধা একাংশ দানৱে নিৰ্মমভাৱে এফালৰ পৰা প্ৰকৃতি ধবংস কৰি নিজৰ লগতে প্ৰকৃতিৰ নৈসৰ্গিক শোভা বিনষ্ট কৰি আহিছে৷ লক্ষ্য কৰিলে দেখা যায় যে আমি জীয়াই থকাৰ উপাদানসমূহ ক’ৰ পৰা পাওঁ৷ প্ৰকৃতিয়েই জানো এই উপাদানসমূহ যোগান নধৰে৷ খাদ্য-শস্যৰ পৰা আৰম্ভ কৰি বাসস্থানলৈকে প্ৰকৃতিৰেই অৱদান৷ কেৱল সেয়াই নহয় প্ৰকৃতি ধবংস কৰাৰ ফলত কৃষিভূমিৰ গুণাগুণো হ্ৰাস পাইছে৷ যাৰ ফলত খেতিৰ বাবে অনুপযোগী হৈ পৰিছে৷ ভূমিৰ এই অৱনমনৰ মূল কাৰণ হ’ল বনাঞ্চলৰ ধবংস, প্ৰদূষণ, ভূমিস্খলন, পাহাৰ-নদী খনন, ইটাৰ ভাটা আৰু নানা প্ৰকাৰৰ উদ্যোগ নিৰ্মাণ, দ্ৰুত নগৰীকৰণ আদি৷ এনেবোৰ কাৰকৰ বাবেই পৃথিৱীৰ ভূমিৰ গুণাগুণ ক্ৰমান্বয়ে  হ্ৰাস পাই আহিছে আৰু মানৱ সমাজলৈ বিপদ ঘণ্টা কঢ়িয়াই আনিছে৷ জীৱজগতৰ প্ৰতি ভাবুকি সৃষ্টি কৰা আন এক উদাহৰণ হ’ল  প্ৰকৃতিৰ উৎকৃষ্ট দান বৰ্ষাৰণ্যসমূহ ধবংস কৰা৷ আমি সকলোৱে দেখি আহিছোঁ প্ৰকৃতি ধ্বংসৰ কুফল মানৱ সমাজে কেনেদৰে ভোগ কৰি আহিছে৷ মানুহে প্ৰকৃতিৰ ওপৰত চলোৱা নানান কু-কাৰ্যৰ বাবেই কৃত্ৰিম বানে প্ৰতিবছৰে বিস্তৰ ক্ষতিসাধন কৰি আহিছে৷ ই কি দেশৰ অৰ্থনীতিত প্ৰভাৱ নেপেলায়৷ বানপানী এতিয়া ৰাজ্যৰ এক স্থায়ী সমস্যা৷ আনহাতে বনাঞ্চল ধ্বংসই আমাৰ জৈৱ পাৰিপাশ্বিৰ্কতাৰ ওপৰতো বেয়াকৈ প্ৰভাৱ পেলাইছে৷ ইয়াৰে আন এক উদাহৰণ হৈছে  শ বোৰ ভক্ষণ  কৰি প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰি অহা শগুণসমূহ৷ কিন্তু আমি সৰুতে দেখাৰ দৰে আজি শগুণ দেখিবলৈ পোৱা নাযায়৷ প্ৰকৃতি ধ্বংসৰ বাবেই  শগুণৰ সংখ্যাৰ হ্ৰাস হৈ ইয়াৰ বংশ বৃদ্ধিতো প্ৰভাৱ পেলাইছে৷ কেৱল সেয়াই নহয় যিবোৰ চৰাইয়ে বছৰ বছৰ ধৰি আমাক সুৰক্ষা প্ৰদান কৰি আহিছে সিঁহতো আজি মানুহৰ দুষ্কাৰ্যৰ বাবেই অস্তিত্ব সংকটৰ গৰাহত৷ আজিৰ গ্ৰামাঞ্চলত পূৰ্বৰ সেই চিনাকি পৰিৱেশ দেখিবলৈ পোৱা নাযায়– আন্ধাৰ নামি অহাৰ লগে লগেই সেই জোনাকী পৰুৱাৰ মেলা, নানা ৰঙী পখিলা, ভেকুলীৰ টুৰটুৰণি, পুৱা হ’লেই চৰাই-চিৰিকতিৰ সুমধুৰ কাকলি৷ সেই চিনাকি পৰিৱেশ আজি আৰু নাই৷ আমি এটা কথা মনত ৰখা উচিত হ’ব যে মানুহ আৰু প্ৰকৃতি পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল৷ আমাক উশাহ-নিশাহ যোগান ধৰিবলৈ গছৰ প্ৰয়োজন৷ সেয়েহে প্ৰকৃতি নথকাকৈ যদি কোনোৱে জীয়াই থকাৰ সপোন দেখিছে সেয়া অজ্ঞানতাৰ পৰিচায়ক৷ 

প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশৰ মাজত পাৰ্থক্য আছে৷ কোনো এটা ভৌগলিক অঞ্চলক প্ৰাকৃতিক পৰিৱেশ হিচাপে গণ্য কৰা হয়৷ এইক্ষেত্ৰত জলবায়ু আৰু পৰিৱেশ নিয়ন্ত্ৰণৰ লগতে প্ৰকৃতি আৰু মানৱ সম্পৰ্কত উল্লেখণীয় ভূমিকা পালন কৰি আহিছে বনাঞ্চল তথা বৰ্ষাৰণ্যসমূহে৷ পৃথিৱীৰ বৃহৎ বৰ্ষাৰণ্যখন হ’ল আমাজান বৰ্ষাৰণ্য, যাক পৃথিৱীৰ হাঁওফাওঁ বুলি কোৱা হয়৷ এই বৰ্ষাৰণ্যৰ ঘন বনাঞ্চলৰ বাবে বিভিন্ন ৰহস্যময় জীৱ-জন্তুৰ ৰম্যভূমি৷ যাক আজি পৰ্যন্ত  আধুনিক বিশ্বই ৰহস্যৰ ওৰ পেলাবলৈ সক্ষম হোৱা নাই৷ কিন্তু আমি ইয়াকো আশা কৰিব নোৱাৰোঁ নে? বৰ্তমান সময়ত মানৱসমাজৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰূপে দেখা দিয়া কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধী ভেকচিন আদি বহুতো মূল্যৱান দৰৱৰ উপাদান এই বৰ্ষাৰণ্যখনৰ বুকুতে লুপ্ত হৈ আছে৷ এনে এখন বৰ্ষাৰণ্যৰ ধ্বংসই মানৱ সমাজলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে বা ইতিমধ্যে এনে পৰিস্থিতি উদ্ভৱ হৈয়ে আহিছে যদিও কিন্তু জীৱশ্ৰেষ্ঠ মানুহৰ কুদৃষ্টি আজিও অব্যাহত আছে বৰ্ষাৰণ্যখনৰ ওপৰত৷ বৰ্ষাৰণ্যখনৰ বুকুৰ পৰা অবৈধভাৱে সোণৰ খনিৰ সন্ধান, অবৈধ চিকাৰ কাৰ্য, অনিয়মিত তথা অবৈধ কৃষিকাৰ্য, পশুপালন, অগ্নিসংযোগ, প্ৰাকৃতিক গেছ আৰু তেল উদ্‌ঘাটনৰ বাবে চলোৱা জৰীপ আদিয়ে এদিন পৃথিৱীৰ হাওঁফাওঁস্বৰূপ বৰ্ষাৰণ্যখন যে নিঃশেষ কৰি পেলাব সেয়া নিশ্চিত৷ কেৱল আমাজানেই নহয় বিশ্বৰ বিভিন্ন বৰ্ষাৰণ্যসমূহে পৃথিৱীৰ এক সুস্থিৰ বাতাবৰণ সৃষ্টি কৰি আমাক জানো ৰক্ষা কৰি অহা নাই৷ ইফালে বৰ্ষাৰণ্যত বিবিধ প্ৰজাতিৰ প্ৰাণীয়ে বাস কৰি আহিছে৷ 

আমি সকলোৱে জ্ঞাত যে আজিৰ সময়ত সবাতোকৈ চহকী সম্পদেই হ’ল প্ৰাকৃতিক সম্পদ৷ প্ৰকৃতিৰ পৰা লাভ কৰা বা ইয়াৰ বুকুত উদ্ভৱ হোৱা সম্পদেই জানো প্ৰাকৃতিক সম্পদ নহয়৷ যদি প্ৰকৃতিয়েই নাথাকে আমি সম্পদ ক’ৰ পৰা আহৰণ কৰিম৷ আমি নিশ্চয়কৈ ক’ব লাগিব যে দেশ এখনৰ সামগ্ৰিক উন্নয়নত এই প্ৰাকৃতিক সম্পদে অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ প্ৰাকৃতিক সম্পদত চহকী দেশখনৰ সামগ্ৰিক উন্নয়নৰ দিশটোও অপৰিসীম। অসমখনো এখন প্ৰাকৃতিক সম্পদেৰে চহকী ৰাজ্য৷ অসমৰ বুকুৰ পাহাৰ- পৰ্বত, হাবি-জংঘল, নদ-নদীত আদি অলেখ সম্পদৰ ভঁৰাল বুলি ক’ব পাৰি৷ অসমৰ হাবি বননিত বহু মূল্যৱান গছ-গছনি যেনে– শাল, তিতাচঁপা, গমাৰী, চেগুন, চন্দন, অগৰ আদি বিভিন্ন ফলমূলৰ গছ যথেষ্ট পৰিমানে পোৱা যায়৷ অসমৰ হাবিত গছ-গছনিৰ উপৰিও অন্যান্য জীৱ-জন্তু, চৰাই চিৰিকতি পোৱা যায়৷ ইয়াৰ পাছতো আমি এখন বনাঞ্চল বা বৰ্ষাৰণ্যক কেৱল উন্নয়নৰ স্বাৰ্থত ধ্বংস কৰিবলৈ লোৱাটো কিমান গ্ৰহণযোগ্য৷  আমি প্ৰকৃতিত কোনোধৰণৰ প্ৰভাৱ নপৰাকৈ প্ৰকৃতিৰ দ্বাৰা সৃষ্ট উপাদানসমূহ অন্বেষণৰ কোনো বিকল্প পথ বিচাৰিব নোৱাৰোঁ নে?

No comments