Breaking News

কাজিৰঙাৰ মাজেৰে গাড়ী চলাওঁতে সাৱধান, চেনচৰ কেমেৰাৰ নিৰীক্ষণত থাকিব আপোনাৰ বাহনখন।

 



ডিজিটেল সংবাদ, কলিয়াবৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে এইবাৰ হাতত লৈছে অত্যাধুনিক প্ৰযুক্তিৰ সহায়। অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত গাড়ীৰ গতি বেগৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। কাৰ্য্যালয়ত বহিয়েই গাড়ীৰ গতি বেগৰ ওপৰত নজৰ ৰাখিছে বন বিভাগে। ৪০ কিলোমিটাৰতকৈ অধিক বেগত আপোনাৰ বাহনখনে গতি কৰিলে গাড়ীৰ চালক সকলে ভৰিব লাগিব জৰিমনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলিক  কাৰ্য্যালয়ত বনকৰ্মী সকলে ৰাখিছে এই তীক্ষ্ণদৃষ্টি । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়ে স্থাপন কৰা গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ যন্ত্ৰৰ সকলো তথ্য কাৰ্য্যালয়ত বহিয়েই নিৰীক্ষণ কৰি আছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল এলেকাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিৰ  দুটাকৈ স্থানত সংস্থাপিত কৰা এই অত্যাধুনিক চেনচৰ কেমেৰাৰ জড়িয়তে এতিয়া প্ৰতিখন বাহনৰ গতিবেগ নিৰীক্ষণ কৰি আছে উদ্যান কতৃপক্ষই। আপুনি চলোৱা বাহনখন কিমান গতিবেগত আছে সেইটোও আপুনি দেখা পাব পথৰ কাষত থকা বিশেষ যন্ত্ৰৰ সহায়ত। একপ্ৰকাৰ আপোনাক নিৰ্দেশ দিব আপোনাৰ বাহনখনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ।স্পৰ্শকাতৰ অঞ্চল তথা এনিমেল ক’ৰিডৰত সংস্থাপিত কৰা হৈছে উন্নত প্ৰযুক্তিৰ চেনচৰ কেমেৰা। ৰাজপথেৰে যোৱা প্ৰতিখন গাড়ী মণিটৰিং কৰে চেনচৰ কেমেৰাই। বিশেষকৈ কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰাৰ এই সময়ছোৱাত অধিক কঠোৰ হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল কৰ্তৃপক্ষ।

No comments