Breaking News

গোলাঘাট জিলাত দুটা বিধানসভা সমষ্টিত আহোম জনগোষ্ঠীৰ প্ৰাৰ্থী দিবলৈ দাবী টাই আহোম ছাত্ৰ সন্থাৰ



ডিজিটেল সংবাদ, গোলাঘাটঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই প্ৰতিটো ৰাজনৈতিক দলে তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷ গোলাঘাট জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ দুটা বিধানসভা সমষ্টিত আহোম জনগোষ্ঠীৰ প্ৰাৰ্থী দিবলৈ দাবী জনাই টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে ৷ গোলাঘাট জিলাখনৰ খুমটাই আৰু সৰুপথাৰ সমষ্টিত আহোম জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা পালন কৰে যদিও কোনো এটা ৰাজনৈতিক দলে আহোম জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান নকৰে ৷ যাৰবাবে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত গোলাঘাট জিলাৰ দুটা বিধানসভা সমষ্টিত যদি আহোম জনগোষ্ঠীৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান নকৰে তেতিয়া নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ কথা উল্লেখ কৰে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) কেন্দ্ৰীয় সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক কৃষ্ণ বৰুৱাই। আটাছু গোলাঘাট জিলা সমিতিৰ সভাপতি পংকজ গগৈয়ে কয় যে পৰিতাপৰ বিষয় সৰুপথাৰ সমষ্টিত আহোম ভোটাৰে নিৰ্ণায়ক ভূমিক লৈ অহা পিছতো আজিলৈ এজনো আহোম প্ৰাৰ্থী ৰাজনৈতিক দলসমূহে প্ৰক্ষেপ নকৰাটো দুৰ্ভাগ্যজনক। খুমটাই বিধানসভা সমষ্টিত যোৱা কেইবছৰৰ পৰা কোনো দলে আহোম প্ৰাৰ্থী প্ৰদান নকৰি আহোম প্ৰধান খুমটাই বিধানসভা সমষ্টিত আহোমক চৰম অপমান কৰিছে বুলি আমি ভাবিবলৈ বাধ্য হম। এই দাবীৰে আটাছু গোলাঘাট জিলা সমিতিৰ সভাপতি পংকজ গগৈ, যুটীয়া সম্পাদক অংকুৰ কোঁৱৰ আৰু ভাস্কৰজ্যোতি ফুকনৰ স্বাক্ষৰিত এক প্ৰেছ বিবৃত্তিৰ  সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে।

No comments