বাৰ্ষিক ক্ৰীড়া সমাৰোহ 'ৰিলায়েন্স ফেষ্ট' সম্পন্ন
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ এখন আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সপ্তাহৰ শনিবাৰে সামৰণি পৰে। 'ৰিলায়েন্স ফেষ্ট' শীৰ্ষক এই বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় শিক্ষানুষ্ঠান খনৰ চৌহদত। অনুষ্ঠানত ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰেক্টৰ ড০ তোলেন্দ্ৰনাথ হাজৰিকা, অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাস, উপাধ্যক্ষ লক্ষ্যজিৎ দুৱৰা, জ্যেষ্ঠ শিক্ষক পদ্ম তামুলী আদিক মঞ্চত আসন গ্ৰহণ কৰোৱা হয়।
ইয়াৰ পিছতে বঁটা বিতৰণী অনুষ্ঠান হয় য'ত বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বেডমিণ্টন, কেৰম, টাগ অৱ ৱাৰ, ৰন্ধন, কবিতা আবৃত্তি, ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, আধুনিক গীত, কুইজ, আকস্মিক বক্তৃতা, থলীতে লিখা আদি বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়। ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাণিজ্য বিভাগৰ জ্যেষ্ঠ শিক্ষক অমিত নাগৰীয়ে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানতে চলিত বৰ্ষৰ 'মিষ্টাৰ ৰিলায়েন্স' আৰু ' মিছ ৰিলায়েন্স' খিতাপ প্ৰদান কৰা হয় ক্ৰমে ৰক্তিম বৰা আৰু বৃষ্টিপ্ৰিয়া বৰাক।
ইয়াৰ পিছতে শিক্ষানুষ্ঠান খনৰ পৰা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থী সকলক বিদায় সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানৰ শেষত ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ইংৰাজী বিভাগৰ শিক্ষক পাৰ্থ প্ৰতীম বিশ্বাসীয়ে আঁত ধৰা এই সাংস্কৃতিক অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে কেইবাগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে গীত মাতৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাসে।

.jpeg)


No comments