Breaking News

মুকলি হ'ল মাজুলী-যোৰহাট ফেৰী সেৱা

 


    


ডিজিটেল সংবাদ,মাজুলীঃ বিগত আঢ়ৈ মাহে বন্ধ হৈ থকা মাজুলীৰ ফেৰীসেৱা মুকলি কৰিলে প্ৰশাসনে। কমলাবাৰী ঘাটৰ পৰা নিমাতীঘাটলৈ চলিল প্ৰথমখন বিশেষ ফেৰী। কিন্তু তাত আছে কেইটামান চৰ্ত ।আন্তঃজিলা যাতায়ত বন্ধৰ মাজতে মাজুলী ছাত্র -ছাত্ৰী ৰ বাবে ভাল খবৰ। JEE, MEDICAL আদি এনথ্ৰেনছ পৰীক্ষাৰ লগতে আৰ্মী ৰিকুৱাইমেন্টকে ধৰি বিভিন্ন পৰীক্ষাৰ বাবে বিশেষ ফেৰী মুকলি কৰিলে প্ৰশাসনে। আজি আৰু কাইলৈ দুটা দিনৰ বাবে মুকলি কৰিছে ফেৰী। প্ৰশাসনৰ অনুমতি লৈ ছাত্র ছাত্ৰীৰ লগতে এজন অভিভাৱক সহ ফেৰীৰে পাৰ হ'ব পাৰিব। ফেৰী সমুহ বন্ধ হোৱাৰ বাবে জলবন্দি মাজুলীৰ ২ লক্ষ্য জনসাধাৰনে দুৰ্ভোগ ভূগি আহিছিল। 

 আজি ৮ বজাত প্ৰশাসনৰ অনুমতি লৈ ৪০ জনৰো অধিক ছাত্র ছাত্ৰী প্ৰথমখন ফেৰীৰে যোৰহাট লৈ যায়। সাধাৰণ যাত্ৰীৰ ক্ষেত্ৰত একেই থাকিব নিয়ম। প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱৰ্তীন হ'ব বিচৰা ছাত্র ছাত্ৰীৰ বাবে বিশেষ সকাহ।

No comments