Breaking News

কলিয়াবৰত অচিনাক্ত বাহনৰ খুন্দাত কাজিৰঙাৰ পহুৰ মৃত্যু



ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ আৰক্ষী থানা এলেকাধীন বৰুৱাচুকৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা বাহনৰ খুণ্ডাত মৃত্যু হয় এটি পহুৰ। খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলৰ পৰা ওলাই অহা এটা পহুয়ে জনাঞ্চলত প্ৰৱেশ কৰি দিক বিদিক হেৰুৱাই ঘূৰি ফুৰোঁতেই সংঘটিত হয় কৰুণ দুৰ্ঘটনাটি।পহুটোৱে পুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোটেই নগাঁৱৰ পৰা যোৰহাট অভিমুখী এখন  অচিনাক্ত বাহনে খুন্দা মৰাত পহুটো মৃত্যু মুখত পৰে বুলি স্থানীয় লোকে অৱগত কৰে। 

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে  জখলাবন্ধা বনবিভাগৰ লোকক খবৰ দিয়াত বনবিভাগৰ লোক ঘটনা স্থলীত উপস্থিত হৈ মৃত অৱস্থাত থকা পহুটো উদ্ধাৰ কৰি লৈ যায়।

No comments