Breaking News

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ জোনাকী চ’ৰাৰ উদ্যোগত ‘পাঠ্যচৰ্চা’ শীৰ্ষক অনলাইন পাঠদান কাৰ্যসূচী সম্পন্ন।


        ২০২০ চনৰ প্ৰায় আৰম্ভণিৰে পৰা বৰ্তমানলৈকে এই দীঘলীয়া সময়চোৱাত কভিদ-১৯ সৃষ্ট পৰিস্থিতিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাগ্ৰহণ তথা পাঠ্যক্ৰম আয়ত্তৰ ক্ষেত্ৰলৈ আহি পৰা প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজতে গোলাঘাট  বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ জোনাকী চ’ৰাই  ‘পাঠ্যচৰ্চা’ শীৰ্ষক এক অনলাইন পাঠদান কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰিছে৷ মহাবিদ্যালয়ৰ শ্ৰেণীকক্ষত নিৰ্দিষ্ট পাঠ্যসূচীৰ লগতে জীৱনৰো পাঠ আগবঢ়াই। ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক-মানসিক দিগন্ত প্ৰসাৰিত কৰি তোলাৰ বাবে শিক্ষকসকলৰ যি অবিৰাম কচৰৎ সেয়া সুদূৰপৰাহত হৈ পৰা অৱস্থাৰ মাজতে ১৯ জুলাই, ২০২১ তাৰিখৰ পৰা আয়োজন কৰা এই ১৪ দিনীয়া পাঠদান কাৰ্যসূচীৰ যোৱা ০১ আগষ্ট, ২০২১ তাৰিখে সামৰণি পৰে৷ শিক্ষাক্ষেত্ৰলৈ আহি পৰা অনাকাংক্ষিত স্থবিৰতাৰ বাবে এটা মূল্যবান শিক্ষাবৰ্ষ হেৰুৱাব লগা হোৱাৰ সম্ভাৱনা আৰু পাঠ্যক্ৰম যথাযথভাৱে আয়ত্ত কৰিব নোৱৰাৰ দুৰ্ভাৱনাই ছাত্ৰ-ছাত্ৰীসকলৰ হতাশগ্ৰস্ত কৰি তোলাৰ সময়তে আশাৰ বতৰা দি আয়োজন কৰা এই ‘পাঠ্যচৰ্চা’ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ৪৫ খন মহাবিদ্যালয়ৰ অসমীয়া উচ্ছমান বিষয়ৰ ছশৰো অধিক  ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়৷ গুগল মীট আৰু ইউটিউব লাইভ যোগে সম্পন্ন হোৱা এই বিনামূলীয়া অনলাইন পাঠদান কাৰ্যসূচীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দপৰ্ণজিৎ কোঁৱৰে ‘অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কয় মত’, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ দীপশিখা গগৈয়ে ‘তুলনামূলক সাহিত্যৰ স্বৰূপ আৰু অধ্যয়ন’, ‘তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰধান দিশ’, নিতাইপুখুৰীৰ হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ অধ্যাপিকা গীতালি শইকীয়াই ‘সাহিত্যৰ বাদবৈচিত্ৰ্য [ধ্ৰুৱবাদ, ৰহস্যবাদ, ৰমন্যাসবাদ, বাস্তৱবাদ আৰু আধুনিকতাবাদ]ঃ এটি আলোচনা’, ড০ পিকুমণি চুতীয়াই ‘পুৰণি পুথিৰ সম্পাদনা’, গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ড০ সুনীল সন্দিকৈয়ে ‘ৰূপবিজ্ঞানঃ‘আকৃতি’ আৰু প্ৰাকৃতি’ৰ ধাৰণা’, অধ্যাপিকা ড০ ৰশ্মি বুঢ়াগোহাঁয়ে ‘বুৰঞ্জী সাহিত্য আৰু তুংখুঙীয়া বুৰঞ্জীৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ’, শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ অৰ্চনা দেৱীয়ে ‘টমাছ হাৰ্ডিৰ অনুপম কবিতা ‘জীৱন্মৃত’’, টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ কৰবী গগৈয়ে ‘অসমীয়া ভাষাৰ বিকাশ’, গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যাপক ড০  দীপকজ্যোতি মহন্তই ‘ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ ইতিহাস’, শিৱসাগৰ ছোৱালী কলেজৰ অধ্যাপিকা ড০  সান্ত্বনা দুৱৰা সন্দিকৈয়ে ‘ভাষাৰ বৰ্গকৰণ আৰু পৃথিৱীৰ ভাষা পৰিয়াল’, মৰাণ মহাবিদ্যালয়ৰ অধ্যাপিকা ৰিঞ্জুমণি হাজৰিকাই ‘বিশ্বসাহিত্যত অনুবাদৰ প্ৰসংগ’, নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক ৰাজীৱ বৰাই ‘সাহিত্যত অলংকাৰৰ প্ৰয়োগ আৰু ইয়াৰ প্ৰকাৰ’, ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যাপক ড০ বিজু মৰাণে ‘অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক বিশ্লেষণ’, মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক ড০ নিৰোদ গোহাঁয়ে ‘হীৰেণ গোহাঁইৰ আধুনিক আৰু আধুনিকতা’, দেইথৰৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যাপক ড০

      ব্ৰজেন শৰ্মাই ‘সাহিত্যৰ গুণ আৰু ৰীতি’, ডুলীয়াজান মহাবিদ্যালয়ৰ অধ্যাপক ড০ চিত্ৰজিৎ শইকীয়াই ‘সাহিত্যৰ সমাজতত্ত্ব’, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপিকা সবিতা শইকীয়াই ‘গণমাধ্যমৰ বিবিধ দিশ’, ড০ দীপালি গগৈয়ে ‘‘আফকেজ টেন’ উপন্যাসৰ বিষয়বস্তু আৰু চৰিত্ৰ-চিত্ৰণ’, ড০ প্ৰদীপ বড়াই “বানপ্ৰস্থ’ আৰু ‘সন্ধ্যাৰাগ’ৰ আধাৰত সাহিত্য আৰু চলচ্ছিত্ৰৰ তুলনামূলক অধ্যয়ন’ শীৰ্ষক বিষয়ত পাঠদান কৰে৷ ‘পাঠ্যচৰ্চা’ৰ সামৰণী অনুষ্ঠানত অসমীয়া বিভাগৰ মুৰব্বী তথা জোনাকী চ’ৰাৰ সভাপতি অনামিকা হাজৰিকাই  পাঠদান কাৰ্যসূচীটোৰ লগত জড়িত সকলোকে অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে৷ সামৰণী অনুষ্ঠানত ভাগ লৈ মহাবিদ্যালয়খনিৰ অধ্যক্ষ ড০ উৎপল শৰ্মাই কয় যে ছাত্ৰ-ছাত্ৰীসকল সমাজৰ মূলধন; গতিকে যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকক আগবঢ়াই নিবই লাগিব৷ সকলো প্ৰত্যাহ্বান নেওচিব পৰাকৈ মনোবল অটুট ৰাখি উদ্ভাৱনীমূলক চেতনাৰে আগবাঢ়ি যাবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান কৰে৷ অনুষ্ঠানটোত উপস্থিত থকা মহাবিদ্যালয়খনিৰ উপাধ্যক্ষ পৰেশ শইকীয়া আৰু  কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ দীপশিখা গগৈয়ে কভিদসৃষ্ট এই সংকটকালত আয়োজন কৰা এই অনলাইন পাঠদান কাৰ্যসূচীৰ বাবে অসমীয়া বিভাগৰ জোনাকী চ’ৰাৰ শলাগ লয়৷ অংশগ্ৰহণকাৰী গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ লক্ষ্যজ্যোতি মহন, ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ ছাত্ৰী পুতলি কোচ, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ ছাত্ৰী জাহ্নৱী মুদৈ, ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰ কমল কুলিয়ে ‘পাঠ্যচৰ্চা’ত ভাগ লৈ তেওঁলোকৰ অনুভৱ সম্পৰ্কে ব্যক্ত কৰে৷ পাঠদান কাৰ্যসূচীৰ সফলতাৰ বাবে অসমীয়া বিভাগৰ জোনাকী সম্পাদক ড০  দীপালি গগৈ আৰু  সহকাৰী সম্পাদক ড০  প্ৰদীপ বড়াই  সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷

No comments