Breaking News

লাভলীনাৰ সাফল্য বাবে চৰাইদেউ দেওশালত চৰাইদেউ প্ৰেছ ক্লাৱৰ বন্তি প্ৰজ্বলন



মৃত্যুঞ্জয় দাস,সোণাৰিঃ চৰাইদেউ পৰ্ব্বতৰ শিখৰত থকা  ঐতিহাসিক লাংকুৰি দেওশালত লাভলীনা বৰগোঁহাই  অলিম্পিকত  সফল হোৱাৰ কামনাৰে মথুৰাপুৰৰ চৰাইদেউ প্ৰেছ ক্লাৱৰ  উদ্যোগত  সোমবাৰে  ফু -ৰা  তা-ৰাৰ ওচৰত প্ৰাৰ্থনাবন্তি প্ৰজ্বলন কৰা হয় ৷ অসমৰ প্ৰথম মহিলা অলিম্পিক খেলুৱৈ, অসম গৌৰৱ লাভলীনা বৰগোঁহাই অলিম্পিকত চেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰাৰ পাছত পুনৰ দুখনকৈ খেলত জয়ী হৈ অসম তথা ভাৰতবৰ্ষলৈ  গৌৰৱ কঢ়িয়াই আনিবলৈ প্ৰেছ ক্লাছৰ সদস্য সকলে আহোম পৰম্পৰাৰ প্ৰাৰ্থনাৰে বন্তি প্ৰজ্বলন কৰি আৰাধ্য দেৱতালৈ সেৱা জনায় ৷

টাই পুৰোহিত হীৰেন ফুকনৰ সহযোগত সম্পন্ন কৰা এই কাৰ্যসূচীত চৰাইদেউ প্ৰেছ ক্লাৱৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা,যুটীয়া সম্পাদক মিণ্টু তাঁতী,সুশান্ত কোঁৱৰ, সংবাদকৰ্মী প্ৰণৱ বৰগোহাঁই,দিগন্ত গগৈ , ইছলাম আহমেদ,বিকাশ গগৈকে ধৰি দেওশাল সংৰক্ষণ সমিতিৰ শ্যাম বৰুৱা উপস্থিত থাকি সহযোগিতা আগবঢ়াই ৷

No comments