Breaking News

ক'ভিড যোদ্ধা ৰূপী স্বাস্থ্য কৰ্মীলৈ প্ৰেৰণা মেডিকেলৰ সম্বৰ্ধনা


ডিজিটেল সংবাদ, পশ্চিম যোৰহাটঃ দিন ৰাতি একাকাৰ কৰি ২৪ ঘণ্টাই স্বাস্থ্য কৰ্মী সকলে ক'ভিদ মহামাৰীৰ বিৰুদ্ধে নিজৰ সেৱা আগবঢ়াই আহিছে। সেই সকল স্বাস্থ্য কৰ্মীৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই পশ্চিম যোৰহাটৰ ঢাপকটা-লহপহীয়া চাৰিআলিত অৱস্থিত ঔষধ বিক্রেতা প্ৰতিষ্ঠান প্ৰেৰণা মেডিকেলে এলানি কাৰ্যসূচী হাতত লৈছে। ব্যৱসায়িক প্ৰতিষ্ঠানখনে দেওবাৰে ঘৰে ঘৰে গৈ অঞ্চলটোৰ বহু কেইজন স্বাস্থ্য কৰ্মীৰ লগতে আশা কৰ্মীকো গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান জনায় তেওঁলোকক উৎসাহিত কৰে।সম্বৰ্ধনা জনোৱা স্বাস্থ্য কৰ্মী সকল হ'ল চাৰিঙিয়া অঞ্চলৰ ক্ৰমে ভবেশ বৰা,ৰাতুল হালৈ,জ্যোতিষ দত্ত,ৰাজীৱ শইকীয়া,গীতাঞ্জলি নেওগ শইকীয়া,মহম্মদ চফীকুল ইছলামৰ লগতে আজান গাঁৱৰ আশাকৰ্মী দীপা দত্ত, মিলনপুৰৰ মীনা কুৰ্মী, লহপহীয়াৰ ৰংগিলা কৰ্মকাৰ, চাৰিঙিয়াৰ বীণা দত্ত, জোনমণি হাজৰিকা আৰু পল্লৱী দত্ত।


ইয়াৰোপৰি বৰ্তমান ক'ভিড পৰিৱেশৰ বাবে অঞ্চলটোৰ ৬০ উৰ্দ্ধৰ ব্যক্তি সকল ঘৰতে সোমাই থাকিব লগীয়া হোৱাত সেই সকল ব্যক্তিৰ ঘৰলৈ গৈ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ এক পদক্ষেপ ফাৰ্মাচীখনে গ্ৰহণ কৰিছে। সম্পূৰ্ণ বিনামূলীয়া এই স্বাস্থ্য সেৱা কাৰ্যসূচী প্ৰতি সপ্তাহৰ দেওবাৰে পুৱা ৭ বজাৰ পৰা ১০ বজালৈ এবছৰ ধৰি চলাই নিয়া হ'ব। এই উদ্দেশ্যে আজি ঢাপকটা অঞ্চলতে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি উক্ত অঞ্চলৰ ৬০ উৰ্দ্ধৰ ব্যক্তি জিতেন শৰ্মা,ৰেণু শৰ্মা দেৱী, অৱনী কুমাৰ শৰ্মা,প্ৰতাপ শৰ্মাৰ লগতে কৰুণা ভট্টাচাৰ্যৰ গৃহলৈ গৈ বয়োজ্যেষ্ঠ ব্যক্তি কেইজনৰ উচ্চ ৰক্তচাপ, বডী টেমপ্ৰেচাৰ আৰু অক্সিজেন লেভেল পৰীক্ষা কৰা হয়। উল্লেখযোগ্য যে, প্ৰেৰণা মেডিকেলৰ উদ্যোগত আৰু পশ্চিম যোৰহাট অঞ্চলৰ সমাজ সচেতন যুৱকৰ সহযোগত আৰম্ভ কৰা এই কার্যসূচীত আজি ফাৰ্মাচী খনৰ স্বত্বাধিকাৰ প্ৰাঞ্জল প্ৰতিম বৰা,কৰ্মচাৰী দিবাকৰ সাউদৰ উপৰি অঞ্চলটোৰ সমাজ কৰ্মী ৰঞ্জীত ভূঞা, দেৱজিৎ বৰা আৰু সমৰ বৰুৱাই সহযোগিতা আগবঢ়াই।ৰাইজে ফাৰ্মাচী খনৰ লগতে স্থানীয় যুৱ সমাজ কৰ্মীৰ এই পদক্ষেপক আদৰণী জনাইছে।

No comments