যাত্রাৰ শেষত (৬)
✍ পৰিমিতা গোস্বামী
বাহিৰৰ গুণগুণনিবোৰ লাহে লাহে কথোপকথনত পৰিণত হ’ল। মুনিহ-তিৰোতাৰ অনেক মাতে এটা সময়ত বাহিৰখন গমগমীয়া কৰি পেলালে। কথাৰ মাজে মাজে কান্দোনৰ সুৰ এটাও ভাহি আহিল। ইমান ৰাতিপুৱাই কোনেনো ইমানকৈ কথা পাতিছে! খেৰৰ বিচনা খনৰ পৰা তাৰ মনটো গৈ একেবাৰে বাহিৰ পালেগৈ । কেতিয়া আহিলি? কোনে খবৰ দিলে? কিহত আহিলি? আৰু কোন আহিছে ? আদি শব্দবোৰে কোনে কথা পাতিছে ? কোন আহিছে ? সি অতি সোনকালেই অনুমান কৰিব পাৰিলে । বাহিৰলৈ ওলাই নগৈ ভিতৰৰ পৰাই কাণ উনাই বাহিৰৰ কথাবোৰৰ গম লৈ থাকিল ।
তাৰ দেউতাকৰ সহোদৰ বুলিবলৈ একমাত্ৰ পেহীয়েকজনীয়েই। দেউতাকৰ মৃত্যুৰ সময়ত সি বহুত সৰু আছিল। দেউতাকৰ কথা তাৰ বৰ বিশেষ মনত নপৰে । দেউতাক নোহোৱাৰ পৰাই পেহীয়েকে সিহঁতক আৱৰি আছে। যদিও দূৰত থাকে তথাপি প্ৰতিদিনে প্ৰতিটো মুহূৰ্ততে সকলো খবৰেই সিহঁতৰ ৰাখে। সেয়ে দূৰত থাকিলেও দূৰত থকা যেন অনুভৱ নহয়। ৰাতিপুৱা অফিচলৈ যাবলৈ ওলায় এবাৰ , আবেলি অফিচৰ পৰা আহি এবাৰ আৰু ৰাতি শুবলৈ লৈ বিচনাত পৰি পৰি এবাৰ ফোন কৰাটো মাক আৰু পেহীয়েকৰ দৈনন্দিন ৰুটিনৰ লগৰে আছিল । কালিও তাৰ ব্যতিক্ৰম হোৱা নাছিল । ৰাতিপুৱা অফিচলৈ ওলায় পেহীয়েকে মাকলৈ ফোন কৰোঁতে মাকে কোৱা শুনিছিল , ” নিকি অফিচলে ওলালা। মইহে আজি স্কুললৈ নাযাওঁ নেকি ! গাতো বৰ বেয়া লাগিছে , মূৰটোও বিষাই আছে। হেড ছাৰলে ফোন কৰিছোঁ আজি স্কুল নাযাওঁ বুলি।” সিফালৰ পৰা পেহীয়েকৰ উত্তৰ অহাও গম পাইছিল সি , ” অ’… হ’ব দিয়া এদিন ৰেষ্ট লোৱা । পাৰিলে অকণমান ডাক্তৰক দেখুৱাই ল’বা । মই আজি অফিচৰ পৰা অকণমান সোনকালে আহিম বুলি ভাবিছোঁ। খুচখাচ কাম কেইটামান আছে। এতিয়া থওঁ বৌ। অফিচৰ পৰা আহি আবেলি ফোন কৰিম ।” ” উম হ’ব দিয়া” বুলি ফোনটো কাটি দিলে । আবেলি পেহীয়েকৰ ফোনলৈ মাক আৰু ৰৈ নাথাকিল। কি হ’ল জানো সি ধৰিবই নোৱাৰিলে । কথাটো মনলৈ অহাৰ লগে লগে তাৰ চকু কেইটা সেমেকি আহিল ।
দুপৰীয়া ভাত কেইটা খাই আজৰি হৈ সি আৰু মাক একেলগেই বিচনাতে বাগৰ দি আছিল । তাৰ চিলমিল টোপনি ধৰিছিল। মাকে কিবা এটা কোৱা যেন গম পাই সি সুধিলে , ” কি হ’ল মা ? কিবা কৈছা নেকি?” ” কি হৈছে জানো পাই মোৰ দেখোন গাতো বৰকৈ বেয়া লাগিছে। পানী এগিলাচ আনাচোন খাই দিলে ভাল লাগে নেকি? ” সি এক মুহূৰ্তও দেৰি নকৰি একে জাপেই বিচনাৰ পৰা উঠি গৈ পাকঘৰৰ পৰা পানী এগিলাচ লৈ মাকৰ ওচৰ পালেহি। তেতিয়ালৈ মাক প্ৰায় নিথৰ হৈ বিচনাত পৰি আছে। সি প্ৰথমে আইতাকক চিঞৰিলে, “আইতা আইতা আহাচোন মাৰ কিবা এটা হৈছে।” মাকে তেতিয়া হাতখন সামান্য ডাঙি ইংগিত এটা দিছিল। সি দৌৰি গৈ ওচৰতে থকা বৰ দেউতাক হঁতৰ ঘৰ পালেগৈ । দুৱাৰ মুখতে বৰমাকক দেখি সি চিঞৰি উঠিল ,” বৰমা বৰমা মাৰ কিবা এটা হৈছে আহাচোন বৰদেউতাকো কোৱা ।” সি পুনৰ ঘৰলৈ মাকৰ ওচৰলৈ দৌৰ মাৰিলে । সি কোৱাৰ লগে লগে বৰদেউতাক বৰমাক সকলো আহি মাকক ওচৰতে থকা হস্পিটেলখনলৈ লৈ গ’ল। ডাক্তৰে চাই চিতি টাউনৰ চিভিল হস্পিটেললৈ লিখি দিলে । বৰদেউতাক বৰমাক আৰু সি মাকক চিভিল হস্পিটেললৈ নিবৰ বাবে যা-যোগাৰ কৰি গাড়ীত উঠাবলৈ বুলি ট্ৰেচাৰখনত তুলি গাড়ীৰ ওচৰলৈ আনিছিলহে মাত্র । মাকৰ শৰীৰটো নিথৰহৈ জগা কাঠ ডালৰ দৰে হৈ পৰিল । বৰদেউতাকে তৎক্ষণাত ডাক্তৰক মাতি আনিলে। ডাক্তৰে লগে লগে সেই ভাবিব নোৱৰা খবৰটো দিলে, ” She is no more ” । বৰদেউতাকে অসহায় আৰু নিৰাশ চকুহালেৰে তালৈ থৰ লাগি চালে। বৰমাকে হুক্ হুকাই কান্দি উঠিল। সি মাকৰ নিথৰ দেহাটো সাৱটি ধৰি চিঞৰি উঠিল , “মা এইয়া তোমাৰ কি হ’ল , মই এতিয়া কেনেকৈ থাকিম, কাৰ লগত থাকিম।” ইতিমধ্যে হস্পিটেলৰ কেম্পাছ বহুত মানুহৰে ভৰি পৰিল। কোনে জানো তাক মাকৰ ওচৰৰ পৰা আঁতৰাই লৈ গ’ল সি গমকে নাপালে । কেতিয়া আহি সি ঘৰ পালেহি মাকক কোনে আনি সিহঁতৰ চোতাল পোৱালেহি একো গমকে নাপালে ।বহুত দেৰিৰ মূৰত গভীৰ টোপনিৰ পৰা সাৰ পোৱাৰ দৰে সাৰ পাই উঠিল সি । তেতিয়ালৈ তাৰ চাৰিওফালে ওচৰ চুবুৰিয়া আপোন মানুহৰে ভৰি পৰিল । সি আকৌ কিছু সময় চিঞৰি চিঞৰি কান্দি উঠিল । এটা সময়ত কান্দোনবোৰ নিজে নিজে সাম কাটিল।
গুৱাহাটীৰ পৰা নৈশ বাচবোৰ আহি পোৱাৰ সময় এইটো । গুৱাহাটীত থকা তাৰ নিকিপেহী ৰাতিৰ গাড়ীত আহি পাইছেহি । বাচ ষ্টপেজৰ পৰা সিহঁতৰ ঘৰলৈ মাত্র একফাৰ্লং ৰাস্তা । ষ্টপেজৰ পৰা এইকণ ৰাস্তা খোজেৰেই আহিছে । আহি থাকোতে মৰ্নিং ৱাক কৰিবলৈ যোৱা চুবুৰিয়া কেইজন মানক লগ পালে । তেওঁলোকৰ পৰাই আগদিনা ঘটনাটো কেতিয়া হ’ল , কেনেকৈ হ’ল সবিশেষ খবৰ পালে। আহি আহি ঘৰৰ নঙলা মুখ পালেহি । অবুজ শোক এটাই বুকুখন খুন্দা মাৰি ধৰিলে । পেহীয়েকৰ লগতে কেইবা গৰাকীও প্ৰাতঃভ্ৰমণকাৰী নঙলা খুলি সোমাই আহিল । তেওঁলোকে পৰিস্থিতি কেনেকুৱা হ’ব অনুমান কৰিব পাৰিছিল। সেয়ে প্ৰাতঃ ভ্ৰমণকাৰী কেই গৰাকীয়ে পেহীয়েকৰ লগ এৰা দিয়া নাছিল।
নঙলা খুলি সোমাই আহোঁতেই আগফালৰ বাৰাণ্ডাত সেমেকা চকুহাল আৰু আউল-বাউল চুলিকোচাৰে সৈতে মাকক ৰৈ থকা দেখি নিকিতাৰ নজনাকৈয়ে কান্দোনভৰা চিঞৰ এটা ওলাই আহিল । মাক জীয়েকৰ কান্দোনৰ সুৰে খেৰৰ বিচনাত শুই থকা ল’ৰাটোৰ বুকুটো খুন্দা মাৰিলেগৈ। আজিৰ পুৱাটোও আমাৰ কান্দোনৰেই আৰম্ভ হ’ল। সি নিজেই নিজকে কলে। লাহে লাহে কান্দোনবোৰ সামৰি আহিল ।
থোকা-থুকি মাতেৰে মাকে আৰম্ভ কৰিলে, ” মইনো কি ৰাজ-পাট খাবলৈ জীয়াই আছোঁ বাৰু ক’চোন নিকি। গজ্গজ কৈ গাভৰু মানুহ জনী তৎক্ষণাতে গুচি গ’ল। যাব লাগিছিল কোন গ’লগৈ কোন!দেহাত সাতোটামান বেমাৰ লৈ মই জীয়াই থাকিনো কি কৰিম। পোৰা কপাল এখন লৈ ৰাজ-পাট খাবলৈকে ভগৱানে মোক জীয়াই ৰাখিছে। আদ বয়সতে দেউতাৰ গ’ল গৈ। আগলৈ পিচলৈ বুলিবলৈ ল’ৰা এটাই তাকো ডেকাতে ভগৱানে লৈ গ’ল। এতিয়া এই ভৰ গাভৰু বোৱাৰী জনীকো ভগৱানে আঁৰ কৰিলে। মইনো কিহৰ আশাত জীয়াই আছোঁ ক’চোন।” কৈ কৈ মাকে ফেঁকুৰি ফেঁকুৰি দুইধাৰে চকুৰ পানী বোৱাই দিলে। মাকৰ বেদনাভৰা কথা কেইটাই জীয়েকৰ বুকুখন ছিৰলা-ছিৰলি কৰিলে । তেওঁ মাকক বুজনিৰ সুৰত কলে, ” তেনেকৈ নক’বাচোন মা। ভগৱানৰ বিচাৰ আমি মানি ল’বই লাগিব । তেওঁ যি কৰে ভালৰ বাবেই কৰে বুলি ধৰি ল’ব লাগিব। তাৰ বাহিৰে আমাৰ হাতত কৰিব লগীয়া আৰু একো নাই। সকলো তেওঁৰ ইচ্ছামতেই চলি আছে আৰু চলি থাকিব। আমি মাজতে এইটো কিয় হ’ল । এইটো হ’ব নালাগিছিল বুলি কৈ থকাৰ , ভাবি থকাৰ বাহিৰে একো কৰিব পৰা সমৰ্থ নাই।
” অংশুৰ কথা কোৱাচোন মা । সি কি কৰিছিল? কেনেকৈ আছিল ? সেই সময়ত।”
” সি কি কৰিব আৰু! প্ৰথমে কান্দি কান্দি বলিয়াৰ দৰে হৈছিল। তাৰ পাছত কামবোৰ কৰিব লগা হ’ল নহয় । বহু সময়লৈকে উচুপি উচুপি কামবোৰ কৰি থাকিল। লাহে লাহে কান্দোন বন্ধ হ’ল যি হ’ল তেতিয়াৰ পৰা এতিয়ালৈকে এটা শব্দও কোৱা নাই, কাকো মাত এষাৰো মতা নাই। গোটেই ৰাতিটো বিচনা খনত চাটি-ফুটিকৈ পৰি আছে। এতিয়া অকণমান তলকা মাৰিছে । টোপনি ধৰিছে হ’বলা।”
“অ’… আকণমান শুইছে যদি শোৱক । মই এতিয়া তাক মাত নিদিও। মই বাহিৰে বাহিৰে গাতোকে ধুই লওঁ।” তাক মাত নিদিলে যদিও ৰুমৰ দুৱাৰ মুখৰ পৰাই ভুমুকিয়াই চাই গ’ল।
(আগলৈ)
No comments