ডিজিটেল সংবাদ,গোলাঘাটঃ
 হঠাৎ গোলাঘাটত চিকিৎসাধীন জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ বৰা।ফেচবুকত চাবা দেই গীতটোৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ খ্যাতি অৰ্জন কৰা শিল্পীগৰাকী গুৱাহাটীৰ পৰা এক বিশেষ কামত গোলাঘাটলৈ আহি হঠাৎ অসুস্থ হৈ পৰে। নিজৰ তিনিটা এলবামৰ কাম সামৰি গোলাঘাটলৈ আহি অসুস্থ হৈ পৰাত তেওঁ প্ৰথমে গোলাঘাট আৰক্ষী থানাত সহায় বিচাৰি যায়। গোলাঘাট আৰক্ষী তথা তেওঁৰ কেইজনমান বন্ধুৱে তেওঁক ততাতৈয়াকৈ গোলাঘাটৰ লাইফ লাইন নাৰ্চিং হোমত ভৰ্তি কৰে।সম্প্ৰতি তেওঁৰ স্বাস্থ্য কিছু উন্নত হৈছে যদিও চিকিৎসকে বিশ্ৰামৰ পৰামৰ্শ দিয়ে শিল্পীগৰাকীক
 
 হঠাৎ গোলাঘাটত চিকিৎসাধীন জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ বৰা
 
        Reviewed by 
JananiLIVE
        on 
        
August 30, 2021
 
        Rating: 
5
 
       
    
 
 
 
 
            
          
 
 
 
 
 
 
No comments