Breaking News

বিশ্ব হিন্দু পৰিষদৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ লগতে জন্মাষ্টমী পালন

ডিজিটেল সংবাদঃ বিশ্ব হিন্দু পৰিষদৰ ৫৭ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি গোলাঘাট জিলা সমিতিৰ লগতে মৰঙি খণ্ড আৰু তেলগৰম খণ্ডৰ যৌথ উদ্যোগত তেলগৰমত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ধৰ্ম ধ্বজা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ আঁত ধৰে  গোলাঘাট জিলা সমিতিৰ সম্পাদক অভিজিৎ বৰাই ।


প্ৰতিষ্ঠা দিৱসৰ লগতে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰা এই কাৰ্যসূচীত জিলা সভাপতি অতুল গোহাঁই আৰু উপ সভাপতি দেৱেশ্বৰ বৰাৰ উপৰিও স্থানীয় কাৰ্যকতা সকল উপস্থিত থাকে।


স্থানীয় ভকতৰ দ্বাৰা ভাগৱত পাঠ পঢ়াৰ ওপৰিও নুমলিগড় শোধানাগাৰ বিবেকানন্দ চিকিৎসালয়ৰ চিকিৎসাধীন হৈ থকা ৰোগীৰ মাজত ফল মূল টোপোলা বিতৰনে কাৰ্যসূচীৰ অন্ত পৰে।

No comments