Breaking News

কাৰ্বি-আংলঙত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা ঘটনা, উলংগ অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহ


ডিজিটেল সংবাদ,কাৰ্বি আংলং- মানৱতাক লজ্জানত কৰি ১১ বছৰীয়া দুই কিশোৰীক ধৰ্ষণ কৰি হত্যা কাৰ্বি আংলঙৰ চকীহোলাত ৷ এগৰাকীৰ মৃতদেহ উদ্ধাৰ, আনগৰাকী এতিয়াও নিখোজ হৈ আছে। বোকাজানৰ কয়লা মাটিৰ গভীৰ পাহাৰত  সংঘটিত হৈছে এই ঘটনা। শনিবাৰে মাছ মাৰিবলৈ দৈগ্ৰোঙ নদীলৈ ওলাই গৈছিল ১১ বছৰীয়া দুই কিশোৰী। মাছ মাৰিবলৈ গৈ ঘূৰি নহাত গাঁৱৰ ৰাইজে আৰক্ষীক খৱৰ দিয়ে।

আৰক্ষীয়ে অনুসন্ধান কৰি দেওবাৰে উলংগ অৱস্থাত বাঁহৰ পাতেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ কৰে এগৰাকী কিশোৰীক। আনহাতে এতিয়ালৈ কোনো সন্ধান পোৱা নাই আনগৰাকী কিশোৰীৰ। কিশোৰী দুগৰাকীৰ বয়স মাত্ৰ ১১ বছৰ। কিশোৰী দুগৰাকীৰ ঘৰ কাইলামাটিৰ এটা ভিতৰুৱা অঞ্চলত। উদ্ধাৰ হোৱা  কিশোৰী গৰাকীৰ শৰীৰত আঘাতৰ চিন স্পষ্ট ভাৱে প্ৰত্যক্ষ কৰিব পৰা যায়। 

গাঁওবাসীয়ে জনোৱা অনুসৰি ধৰ্ষণ কৰি হত্যা কৰা হৈছে কিশোৰী গৰাকীক আৰু আন গৰাকী কিশোৰীকো হত্যা কৰি লুকুৱাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে গাঁওবাসীয়ে। ইতিমধ্যে আৰক্ষীয়েও কিশোৰী গৰাকীক হত্যা কৰিছে বুলি সন্দেহ কৰিছে।

মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সকলো তথ্য পোহৰলৈ আহিব। ইপিনে আৰক্ষীয়ে ধৰ্ষণকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কাকো কৰায়ত্ত কৰিব কৰা নাই ৷ 

No comments