Breaking News

আজি অন্ত পৰিল ২০০১ চনৰ ৭ অক্টোবৰত আৰম্ভ হোৱা আমেৰিকাৰ তালিবান বিৰোধী অভিযান




ডিজিটেল ডেস্কঃ অৱশেষত দুটা দশকৰ যুদ্ধৰ পৰিসমাপ্তি ঘটিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাইডেন প্ৰশাসনে আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিলে সেনা ।  সোমবাৰে আফগানিস্তানৰ পৰা আমেৰিকালৈ উৰা মাৰিছিল অন্তিমখন সামৰিক বিমান। প্ৰায় ২০ বছৰ আগতে তালিবানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত নাটো বাহিনীয়ে আফগানিস্তানত সামৰিক ঘাটি স্হাপন কৰিছিল। বৰ্তমান আমেৰিকাই আফগানিস্তানৰ পৰা সম্পূৰ্ণৰূপে সেনা প্ৰত্যাহাৰ কৰাৰ পাছত তালিবানে আফগানিস্তানক সম্পূৰ্ণ স্বাধীন বুলি ঘোষণা কৰিছে।

উল্লেখ্য যে, তালিবানৰ সৈতে হোৱা চুক্তিৰ পিছতে আমেৰিকাই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰাৰ কাম আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা তালিবানে আফগানিস্তানত ইখনৰ পিছত সিখন প্ৰদেশ প্ৰায় বাধাহীনভাৱে দখল কৰি আহিছিল।আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিয়ে তালিবানে কাবুল দখল কৰাৰ পিছতে দেশৰ পৰা পলাই গৈছিল। তাৰ পিছতেই বাধাহীনভাৱে আফগানিস্তানৰ ক্ষমতা স্থানান্তৰ হৈছিল তালিবানৰ হাতলৈ। 




ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে চূড়ান্ত সময়সীমা নিৰ্ধাৰণ কৰি দিছিল তালিবানে। সেই সময়সীমা আজি শেষ হৈছে আৰু সেয়েহে আজি আমেৰিকা যুক্তৰাষ্ট্ৰই সম্পূৰ্ণৰূপে নিজৰ সেনা প্ৰত্যাহাৰ কৰি মুকলি কৰি দিলে আফগানিস্তানৰ মাটি।মেজৰ জেনেৰেল খ্ৰীচ দুনাহুৱে আফগানিস্তানৰ মাটিৰ পৰা বিমানত উঠাৰ লগে লগেই অন্ত পৰিল ২০০১ চনৰ ৭ অক্টোবৰত আৰম্ভ হোৱা আমেৰিকাৰ তালিবান বিৰোধী অভিযান।

No comments