Breaking News

শিৰোমণি নাট্যগোষ্ঠীৰ প্ৰতিষ্ঠা দিৱস পালন



কুমুদ বৰা,দেৰগাঁওঃ অসমৰ অগ্ৰনী সাংস্কৃতিক অনুষ্ঠান শিৰোমণি নাট্যগোষ্ঠীৰ আজি ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দেৰগাঁৱৰ চকিয়াল গাঁওস্থিত শংকৰি কলা কৃষ্টি কেন্দ্ৰত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। 

ক'ৰনাসৃষ্ট পৰিবেশৰ বাবে সীমিত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা কৰা প্ৰতিষ্ঠা দিৱসত নাট্যগোষ্ঠীৰ সভাপতি সঞ্জীৱ চাহুৱে পতাকা উত্তোলনেৰে প্ৰথম কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ পাছতেই স্থানীয় ভকত বৈষ্ণৱৰ দ্বাৰা নাম প্ৰসঙ্গ কৰা হয়। 

এই অনুষ্ঠানতেই চাৰিজন বিশেষ ব্যক্তিক নাট্যগোষ্ঠীৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাধাৰণ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

No comments