Breaking News

চৰাইদেউত অব্যাহত আবকাৰী অভিযান


মৃত্যুঞ্জয় দাস, সোণাৰিঃ বিগত  দিনকেইটাত  চৰাইদেউ জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। যোৱা ৫-৬ দিনত আৰক্ষী বাহিনীৰ সহযোগত জিলাখনৰ গুটিঘাট, সোণালীপাম,শিলঘাট, আমটুকুৰা, অশ্বিনীবিল আদি অঞ্চলত আবকাৰী বিভাগে চলোৱা অভিযানসমূহত প্ৰায় ২০০০ লিটাৰ চুলাই মদৰ পাছ, চুলাই তৈয়াৰৰ বাবে ব্যৱহৃত ১২ টাকৈ যন্ত্ৰ,প্ৰায় ৬০ লিটাৰ  তৈয়াৰী চুলাই জব্দ কৰি ধ্বংস কৰাৰ উপৰি অবৈধ সুৰাৰ ব্যৱসায়ত জড়িত ব্যক্তিৰ বিৰুদ্ধে ১০ টা গোচৰ ৰুজু কৰিছে।  

সেই অভিযানৰ অংশ হিচাপে  মঙ্গলবাৰেও আবকাৰী বিভাগে ছফ্ৰাই আৰক্ষীৰ সহযোগত সোণাৰিৰ দাঁতিকাষৰীয়া চিংলু  অঞ্চলৰ কেইবাটাও  স্থানত চলোৱা অভিযানত অবৈধ সুৰা প্ৰস্তুত কৰা কেইবাটাও ভাটী উচ্ছেদ কৰে। এই অভিযানত দলটোৱে অবৈধ চুলাই মদ প্ৰস্তুত কৰাৰ বাবে ৰখা প্ৰায় ৬৪০ লিটাৰ গেলা পাছ,  সুৰা তৈয়াৰৰ বাবে ব্যৱহৃত ৬টা যন্ত্ৰ, আৰু প্ৰায় ২৫ লিটাৰ বিক্ৰীৰ বাবে সাজু কৰি ৰখা চুলাই  জব্দ কৰি ঠাইতে নষ্ট কৰি পেলায়। 

এই সন্দৰ্ভত আবকাৰী বিভাগে  অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে  ৪টা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। অবৈধ সুৰাৰ প্ৰস্তুত আৰু বিক্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি চৰাইদেউ জিলাৰ আবকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

No comments