সেমেকা স্মৃতিৰ সুবাস (তৃতীয় খণ্ড)
মালবিকা শৰ্মা, ভুবনেশ্বৰ
মাত্ৰ দুদিনৰ বাবে মলয় নিজৰ পৈত্ৰিক ঘৰখনলৈ আহিলেও ইমান বছৰৰ মুৰত আহি আত্মীয়-স্বজনৰ মাজত অতি আনন্দৰে কেইবাটাও দিন পাৰ হৈ গ’ল। এদিন আবেলি বহি চাহ খাই থাকোতে মলয়ৰ ৰাধাই কোৱা কথাবোৰ মনত পৰিল। তাই যে সিদিনাখন যাওতে ক’লে ববিতাই তাৰ বিষয়ে সোধা বুলি। তাৰমানে তাই এতিয়াও পাহৰা নাই তাক।
হঠাতে ববিতাৰ বিষয়ে জানিবলৈ তাৰ বৰ মন গ’ল। ইমানদিনে অতীত বুলি যিখিনি কথা পাহৰিবলৈ চেষ্টা কৰি আছিল, নিজৰ ঠাইখনলৈ অহাৰ পিছত আকৌ সেই অতীতৰ কথাবোৰেই তাৰ মনলৈ আহিব ধৰিলে। অলপ বাহিৰৰ পৰা ফুৰি আহো বুলি কৈ মলয়ে বহু বছৰ আগৰ সেই প্ৰিয় চিনাকী গলিটোৰ পিনে যাবলৈ আৰম্ভ কৰিলে। গলিৰ একেবাৰে শেষৰ কাঠৰ দুইতলীয়া ঘৰৰ গেটখন খুলি সোমাই গ’ল সি। এটা সময়ৰ আভিজাত্যৰ চিন বহন কৰি থকা ঘৰটো তাৰ বহুত পুৰনা আৰু অনাদৰত পৰি থকা যেন অনুভৱ হ’ল। কলিং বেলটো বজাওতে বহু বছৰৰ পুৰনা বিশ্বাসী ঘৰৰ কাম কৰা হৰি ওলাই আহিল।
কেইবা বছৰৰ মুৰত হ’লেও মলয়ক দেখাৰ লগেলগে সি চিনি পাই ভিতৰলৈ নি বহিব দিলে। লাহে ধীৰে খোজ দি ববিতাৰ মাক ভিতৰৰপৰা ওলাই অহা দেখি মলয়ে গৈ তেওঁক সেৱা কৰিলে। মাকে তাক দেখি বৰ আনন্দিত হ’ল আৰু পুৰনা দিনবোৰৰ স্মৃতি সোঁৱৰি কিছু চকুৰ পানীও টুকিলে। ববিতাৰ দেউতাক যোৱা বছৰ ঢুকোৱা বুলি ৰাধাই সিদিনাখন তাক কৈছিল। সুধো নুসুধো বুলি ভাৱি থাকোতেই ববিতাৰ মাকে তাইৰ কথা ক’বলৈ আৰম্ভ কৰিলে। ইমান ধনী ঘৰত বিবাহ হোৱাৰ পাছতো হেনো তাইৰ কপালত সুখ নহ’ল। ইমান বছৰলৈ তাই মাতৃত্বৰ সুখৰপৰা বঞ্চিত হৈ আছে।
মাকৰ কথা শুনি মলয় কিছু আচৰিত হ’ল। ববিতাৰ তাৰমানে সন্তান নাই। সিদিনাখন ৰাধাই তাক এই বিষয়ে একো নকলে দেখোন। মনৰ চিন্তাবোৰ মনৰ ভিতৰতে চাপি থৈ সি ববিতাৰ মাকক সেৱা জনাই আকৌ আহিম বুলি ওলাই আহিলে। এইবাৰ সি ৰাধাৰ ঘৰৰ অভিমুখে অগ্ৰসৰ হ’ল। ববিতাৰ বিষয়ে তাৰ যে বহুত নজনা কথা জানিবলগীয়া আছে।
(আগলৈ)
লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক –
No comments