Breaking News

যোৰহাটৰ ৰৰৈয়াস্থিত ১১৯ নং বেটেলিয়ান চি আৰ পি এফ কেম্পত "আজাদী কা অমৃত মহোৎসৱ" উদযাপন

 


প্ৰাঞ্জল প্ৰতিম বৰা,যোৰহাট- দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি যোৰহাটৰ ৰৰৈয়াস্থিত ১১৯ নং বেটেলিয়ান চি আৰ পি এফ কেম্পত "আজাদী কা অমৃত মহোৎসৱ" নামেৰে এক অনুষ্ঠান উদযাপন কৰা হয়।ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে দেশৰ প্ৰতিখন ৰাজ্যতে এই অনুষ্ঠান আয়োজন কৰা হৈছে। নতুন ভাৰত গঢ়াৰ  লক্ষ্য ,সেনা জোৱান সকলৰ ত্যাগৰ প্ৰতি শ্রদ্ধা আৰু স্বহীদ জোৱানৰ পৰিয়ালবৰ্গক সন্মান জনোৱা পৰম্পৰাও এই অনুষ্ঠানত সন্নিবিষ্ট কৰা হৈছে। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি যোৰহাটৰ ৰৰৈয়াস্থিত ১১৯ নং বেটেলিয়ান চি আৰ পি এফে এক চাইকেল ৰেলি বাহিৰ কৰে। পুৱা ৭-৩০ বজাত আয়োজিত এই অনুষ্ঠানত আজি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা মুখ্য অতিথি হিচাবে,যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ লগতে অলিম্পিক খেলুৱৈ লাভলীনা বৰগোঁহাই আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকি চাইকেল ৰেলিৰ ফ্লেগ অফ কৰে।


ইয়াৰ পিছতে ৰৰৈয়াস্থিত ১১৯ নং চি আৰ পি এফ কেম্পৰ পৰা ২৫ গৰাকী জোৱানে একোখনকৈ চাইকেলেৰে দিল্লীৰ ৰাজঘাট অভিমুখে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰে। ২৫ জনীয়া দলটোৱে প্ৰায় ২৪১৩ কিলোমিটাৰ পথ অতিক্ৰম কৰি ৰাজঘাটত উপস্থিত হবগৈ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা। আজাদী কা অমৃত মহোৎসৱ শীৰ্ষক এই অনুষ্ঠানৰ জৰিয়তে চি আৰ পি এফ বাহিনীয়ে দেশৰ পূব,পশ্চিম, উত্তৰ আৰু দক্ষিণ চাৰিও ফালৰ পৰা ৰাজঘাটলৈ চাইকেল ৰেলি বাহিৰ কৰিছে। জানিব পৰা মতে উত্তৰে যমুকাশ্মীৰৰ পৰা,পশ্চিমে আহমেদাবাদৰ পৰা,পূবে অসমৰ যোৰহাটৰ পৰা আৰু দক্ষিণে কন্যাকুমাৰীৰ পৰা চাইকেলেৰে অহা জোৱান সকল গান্ধী জয়ন্তীৰ দিনাই দিল্লীৰ ৰাজঘাটত মিলিত হব। যোৰহাটৰ পৰা আজি ৰাওনা হোৱা দলটোৱে পাঁচদিনত ৩৬০ কিলোমিটাৰ অতিক্ৰম কৰি গুৱাহাটীৰ চি আৰ পি এফ কেম্পত উপস্থিত হব। তাৰ পিছতেই দলটোৱে গুৱাহাটী, শিলিগুৰি,পাটনা,বাৰণসী, কানপুৰ হৈ ৰাজঘাট পাবগৈ। 


উল্লেখযোগ্য যে চাইকেল ৰেলী আৰম্ভ হোৱাৰ পূৰ্বে ১১৯ নং বেটেলিয়ানৰ চি আৰ পি এফৰ বিষয়া বৰ্ষা সিং আৰু প্ৰেৰণা বৰদলৈয়ে যৌথ ভাৱে আঁতধৰা  গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো কৃষি মন্ত্ৰী অতুল বৰাই এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰা কৃষি মন্ত্ৰী গৰাকীয়ে আজি চি আৰ পি এফৰ এই কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে মই বহু ৰাজনৈতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছো কিন্তু আজি দেশ মাতৃৰ ৰক্ষাৰ দায়িত্বত থকা জোৱান সকলে আয়োজন কৰা এই অনুষ্ঠানৰ পৰিবেশ কিছু সুকীয়া। যিটো অনুষ্ঠানে মোৰ মনত আজি সঁচাকৈয়ে এক সুকীয়া অনুভৱৰ ক্ৰিয়া কৰিছে। 

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপত  আয়োজিত এই আজাদী কা অমৃত মহোৎসৱৰ জৰিয়তে ভাৰত বৰ্ষক এক নতুন গতি প্ৰদান কৰিবলৈ চেষ্টা কৰাৰ লগতে বীৰ জোৱান সকলৰ ত্যাগ আৰু স্বহীদ জোৱানৰ পৰিয়ালবৰ্গক সন্মান প্ৰদান কৰা কথাটোৱে প্ৰতিজন সেনা জোৱানক আগন্তক দিনবোৰত দেশ মাতৃৰ বাবে অধিক কাম কৰি যোৱাত উৎসাহিত কৰিব বুলি আজি মন্ত্ৰী গৰাকীয়ে সদৰী কৰে। ইয়াৰোপৰি তেওঁ চাইকেল চলোৱাটো এটা ভাল ব্যায়াম বুলি কোৱাৰ লগতে প্ৰদূষণ আৰু পৰিবেশ সুৰক্ষাৰ স্বাৰ্থটো আমি চাইকেল চলাব লাগে বুলি মন্ত্ৰী গৰাকীয়ে কয়। কৃষি মন্ত্ৰী গৰাকীয়ে আজি যোৰহাটৰ পৰা ৰাজঘাটলৈ ৰাওনা হোৱা ২৫ গৰাকী বীৰ জোৱানক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। 


অনুষ্ঠানত উপস্থিত থকা যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়েও আজি সেনা জোৱানৰ এই কাৰ্যসূচীৰ শলাগ লোৱাৰ লগতে চাইকেল ৰেলিত অংশগ্ৰহণ কৰা প্ৰতি গৰাকী জোৱানক অভিনন্দন জনাই। আনহাতে এই অনুষ্ঠানতে এগৰাকী আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থকা টকিঅ' অলিম্পিকত ভাৰতৰ হৈ ব্ৰঞ্জ পদক আজুৰি অনা অসমৰ সু-সন্তান লাভলীনা বৰগোঁহায়েও আজি ক্ৰীড়া সুলভ মনোভাৱেৰে চাইকেল ৰেলিত অংশগ্ৰহণ কৰা সেনা জোৱান কেইজনক উৎসাহিত কৰি তেওঁলোকৰ লগত একপি ফটো উঠি দিল্লীৰ ৰাজঘাটলৈ যোৱাত অনুপ্ৰাণিত কৰে। 

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি লাভলীনাক চি আৰ পি এফৰ যোৰহাট চেক্সনৰ আই জি পি সৰৱজিৎ সিঙে তেওঁলোকৰ ফালৰ পৰা বেশেষ ভাৱে সম্বৰ্ধনা জনাই। আই জি পি গৰাকীয়ে লগতে মন্ত্ৰী অতুল বৰা,সাংসদ তপন কুমাৰ গগৈ,বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বর্মনকো চি আৰ পি এফৰ তৰফৰ পৰা সন্মান প্ৰদান কৰে। 


এই অনুষ্ঠানতেই স্বহীদ জোৱানৰ তিনিটাকৈ পৰিয়ালক আজি সন্মান প্ৰদান কৰা হয় ১১৯ নং চি আৰ পি এফ বেটেলিয়ানৰ তৰফৰ পৰা। উল্লেখযোগ্য যে চি আৰ পি এফ ৰ সংগীতেৰে সামৰণী মৰা অনুষ্ঠানটোৰ আৰম্ভণিতে কেইবাটাও বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আজি প্ৰদৰ্শন কৰা হয়।

No comments