Breaking News

গুৱাহাটীৰ অৱস্থা হ'বগৈ গোলাঘাটৰ, এজাক বৰষুণতে সাগৰ সদৃশ পৰিৱেশ। অথলে যাব নেকি ১০০ কোটি টকা,

 


গুৱাহাটীৰ অৱস্থা হ'বগৈ গোলাঘাটৰ, এজাক বৰষুণতে সাগৰ সদৃশ পৰিৱেশ। অথলে যাব নেকি ১০০ কোটি টকা, সমস্যা সমাধানত চূড়ান্ত ব্যৰ্থ পৌৰসভা। নৱেম্বৰ মাহত নাগৰিক মঞ্চৰ বিশাল নাগৰিক অভিৱৰ্তনৰ প্ৰস্তুতি


ডিজিটেল সংবাদ, গোলাঘাটঃ এজাক বৰষুণ দিলেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় গোলাঘাট নগৰবাসীৰ। কৃত্ৰিম বানপানীৰ সমস্যা সমাধানত চূড়ান্তভাৱে ব্যৰ্থ হৈছে গোলাঘাট পৌৰসভা। কেন্দ্ৰীয় চৰকাৰে নগৰ উন্নয়নৰ বাবে আগবঢ়োৱা ১০০ কোটি টকা পানীত পৰিব নেকি বুলিও গোলাঘাটবাসীৰ প্ৰশ্ন। এই ১০০ কোটি টকা ব্যয়ৰে গোলাঘাট নগৰৰ নলা-নৰ্দমা নিৰ্মাণ আৰু পথ উন্নীতকৰণৰ কাম অব্যাহত আছে। এই কাম সমূহ কেৱল উন্নয়নৰ নামত উন্নয়ন হোৱাৰ বাদে একো হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। কাৰণ যি সমূহ নলা-নৰ্দমা নিৰ্মাণ কৰা হৈছে সেয়া একেবাৰে বিজ্ঞানসন্মত নহয়। চূড়ান্ত অপৰিকল্পিতভাৱে নিৰ্মাণ কৰাৰ ফলত সাধাৰণ এজাক বৰষুণ দিলেই মানুহৰ ঘৰৰ ভিতৰত পানী সোমায়। পূৰ্বে নগৰ খনৰ দুটামান ৱাৰ্ডৰ বাসিন্দাইহে এই কৃত্ৰিম বানপানীৰ সমস্যাৰ সন্মুখীন হৈছিল যদিও বৰ্তমান আটাইকেউটা ৱাৰ্ডৰ নাগৰিকে যন্ত্ৰণাৰ সন্মুখীন হ'ব লগা হৈছে। নগৰ খনৰ পকী পথ আৰু নলা-নৰ্দমা সমূহ অবৈজ্ঞানিক আৰু আৰু অপৰিকল্পিতভাৱে নিৰ্মাণ কৰাৰ ফলত গুৱাহাটীৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে গোলাঘাট নগৰ । কোনো ভৱিষ্যতৰ কথা চিন্তা নকৰাকৈ নিৰ্মাণ কৰাৰ ফলত এজাক সাধাৰণ বৰষুণ দিলেই নগৰবাসীয়ে জ্বলা কলা খাব লগা হোৱাৰ পাছতো গভীৰ নিদ্ৰাত আছে গোলাঘাট পৌৰসভা আৰু লোক নিৰ্মাণ বিভাগ। এই সমূহ সমস্যাৰ বিষয়ে গোলাঘাট নাগৰিক মঞ্চই জিলা আয়ুক্ত আৰু পৌৰসভাক সময়ে সময়ে স্মাৰক পত্ৰৰ জড়িয়তে জনাই অহাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। ইফালে নগৰ খনৰ পূৰ্বৰ ট্ৰেফিক পইণ্ট সমূহত চিগনেল লাইটসমূহ পুনৰ কাৰ্যক্ষম কৰি তোলা, যান-জঁটৰ সমস্যা সমাধান কৰা আদি দাবী সমূহ জনাই অহাৰ পাছতো জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান কৰা নাই। ঠিক সেইদৰে বাটা পইণ্টৰ পূৰ্বৰ ঘূৰণীয়া চক্ৰটো ভাঙি নতুনকৈ নিৰ্মাণ কৰাৰ দাবী নাগৰিক মঞ্চই বহুবাৰ জনোৱাৰ পাছত উক্ত ঘূৰণীয়া চক্ৰটো ভাঙি পেলোৱা হ'ল যদিও আজি পৰ্যন্ত নিৰ্মাণ নকৰাৰ ফলত বিগত দিনত কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে। গোলাঘাটৰ নাগৰিকৰ প্ৰশ্ন ডাঙৰ ঘটনা সংঘটিত হৈ মানুহৰ মৃত্যু হ'লেহে প্ৰশাসনে গুৰুত্ব দিব নেকি?  এনেবোৰ সমস্যাকে ধৰি গোলাঘাটৰ নাগৰিকে সন্মুখীন হৈ অহা বিভিন্ন অভাৱ অভিযোগ আৰু সমস্যাক লৈ অহা নৱেম্বৰ মাহত গোলাঘাট নাগৰিক মঞ্চই গোলাঘাট বাসীক একত্ৰিত কৰি এক বিশাল নাগৰিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি নাগৰিক মঞ্চৰ সভাপতি ৱাজিদুৰ ৰহমান কাৰ্যকৰী সভাপতি বিশ্বজিৎ শইকীয়া আৰু সাধাৰণ সম্পাদক ৰোহিত গগৈয়ে এক প্ৰেছ বিবৃতিৰ জড়িয়তে জানিবলৈ দিয়ে। অন্যহাতে গোলাঘাটৰ নাগৰিকে বৰ্ধিত পৌৰ কৰৰ লগতে অন্যান্য কৰ দি অহাৰ পাছতো পাবলগীয়া সাধাৰণ সেৱা গোলাঘাট পৌৰসভা আৰু জিলা প্ৰশাসনৰ পৰা লাভ নকৰাত অসন্তষ্টি প্ৰকাশ কৰে।

No comments