Breaking News

গোলাঘাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ, চিনাক্তকৰণৰ বাবে ৰখা হৈছে গোলাঘাটৰ চিভিল হস্পিতালত



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ। চিনাক্তকৰণৰ বাবে ৰখা হৈছে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত।  ঘটনা অনুসৰি শনিবাৰে বিয়লি ভাগত ৰঙাজান ​​চাহ বাগিচাত পুখুৰিত ওপঙি থকা অৱস্থাত এজন অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰিছিল গোলাঘাট আৰক্ষীয়ে।  পচি যোৱা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো আজি (দেওবাৰে) পৰ্যন্ত কোনো চিনাক্তকৰণ কৰিব নোৱাৰাত মৰণোত্তৰ পৰীক্ষাৰ অন্তত চিনাক্তকৰণৰ বাবে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ততে আগন্তুক ৭২ ঘণ্টাৰ বাবে ৰখা হব। কোনো লোকে যদিহ মৃতদেহটোৰ সম্ভেদ লাভ কৰে গোলাঘাট সদৰ আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰা আহ্বান জনাইছে গোলাঘাট আৰক্ষীয়ে।

No comments