Breaking News

২ নৱেম্বৰত অনুষ্ঠিত হ'ব গণিত উৎকৰ্ষ সাধন পৰীক্ষা- ২০২৫

 


সিদ্ধাৰ্থ সন্দৈক, গোলাঘাটঃ  অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ গণিতৰ মেধা তথা গাণিতিক সৃষ্টিশীলতা পৰীক্ষা কৰাৰ উদ্দেশ্যে ২০১৯ চনৰপৰা অনুষ্ঠিত হৈ অহা শ্ৰেণীভিত্তিক ৰাজ্যিক গণিত প্ৰতিযোগিতা, 'গণিত উৎকৰ্ষ সাধন পৰীক্ষা' এইবাৰ ক্ৰমাগত সপ্তম বৰ্ষৰ বাবে অনুষ্ঠিত হ'ব। মেথমেটিকেল চ'চাইটি, গোলাঘাটৰ অধীনত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ পৰীক্ষা চলিত বৰ্ষৰ ২  নৱেম্বৰত পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শ্ৰেণীভিত্তিক মুঠ  ৬ টা বিভাগত অনুষ্ঠিত হ'ব। শ্ৰেণীৰ গণিতৰ পাঠ্যক্ৰম, গণিত অলিম্পিয়াডৰ পাঠ্যক্ৰম আৰু চাকৰি তথা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ গণিত আৰু ৰিজʼনিঙৰ পাঠ্যক্ৰমৰ আধাৰত অনুষ্ঠিত হʼবলগীয়া MCQ ধৰণৰ এই পৰীক্ষাৰ বাবে বৰ্তমান কেন্দ্ৰসমূহৰ নাম পঞ্জীয়ন চলি আছে। কোনো শিক্ষানুষ্ঠানে এই প্ৰতিযোগিতাৰ কেন্দ্ৰ লʼব বিচাৰিলে ২৬ ছেপ্তেম্বৰ, ২০২৫ ৰ ভিতৰত নাম পঞ্জীয়ন কৰিব লাগিব। বৰ্তমানলৈকে ৰাজ্যখনৰ  ৭ খন জিলাৰপৰা ৩০ টা কেন্দ্ৰই পঞ্জীয়ন কৰিছে। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে ১৬ অক্টোবৰৰ ভিতৰত এই কেন্দ্ৰসমূহত নাম পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন মাছুল ১৫০ টকা। প্ৰতিযোগিতাৰ সবিশেষ তথা কেন্দ্ৰ আৰু পৰীক্ষাৰ্থীৰ নাম পঞ্জীয়নৰ বাবে  ৯৪৩৫৫২৬১৪৬, ৮৬৩৮৮৮৬৪৪১, ৭৮৯৬৬২৪০৮৭ নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰিব।

No comments