ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নিৰেন চন্দ্ৰ বৰাৰ মৃত্যুত শোক
ডিজিটেল সংবাদ, পশ্চিম যোৰহাটঃ ভাৰতীয় খাদ্য নিগমৰ পৰা ২০১৭ বৰ্ষত চাইডিং ইনচাৰ্জ ৰূপে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, পশ্চিম যোৰহাট অৱস্থিত প্ৰেৰণা মেডিকেলৰ স্বতাধিকাৰ তথা চাৰিঙীয়া বৰ নামঘৰ, শ্ৰীমন্ত শংকৰজ্যোতি কলা কেন্দ্ৰকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান- প্ৰতিস্হানৰ লগত জড়িত পশ্চিম যোৰহাট চাৰিঙীয়া গাঁৱৰ নিৱাসী নিৰেন চন্দ্ৰ বৰা (৭০)ৰ আজি পুৱা ৬ বাজি ১১মিনিটত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।উল্লেখ্য যে প্ৰায় ছয়মাহ ধৰি বৰাই এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল।মৃত্যুৰ সময়ত পত্নী মামনি বৰা, দৈনিক জনমভূমিৰ সাংবাদিক পুত্ৰ প্ৰাঞ্জল প্ৰতিম বৰা,জনপ্ৰিয় ঘোষিকা প্ৰেৰণা বৰদলৈ,দুগৰাকী কন্যা,দুজন জোঁৱাই,নাতি-নাতিনীসহ এক বৃহৎ পৰিয়াল এৰি যায়।বৰাৰ মৃত্যুৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি আজি চাৰিঙীয়া বৰ নামঘৰ পৰিচালনা সমিতি,চাৰিঙীয়া বৰ নামঘৰ ভাগৱত সমিতি,শ্ৰীমন্ত শংকৰজ্যোতি কলা কেন্দ্ৰ,পশ্চিম যোৰহাট সাংবাদিক সংস্হা, এনাজৰী সাহিত্য-সংস্কৃতি গোষ্ঠী,পশ্চিম যোৰহাট বিহু সুৰক্ষা সমিতি,দিগদৰ্শন প্ৰকাশন গোষ্ঠী,শ্যামলী শাখা সাহিত্য সভাকে ধৰি বহু অনুষ্ঠান-প্ৰতিস্হানৰ বিষয়-ববীয়া উপস্হিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অন্তত তেখেতৰ বহু গুণমুগ্ধৰ উপস্থিতিত অন্তুষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। বৰাৰ মৃত্যুত আজি সমগ্ৰ চাৰিঙীয়া অঞ্চলটোত এক গভীৰ শোকৰ ছাঁ পৰে।
জননী লাইভ পৰিয়ালেও বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
No comments