সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত শ্ৰদ্ধা জনাই ৰসজ্ঞ অনুষ্ঠানৰ মজিয়াত বিশেষ কাৰ্যসূচী
ডিজিটেল ডেস্কঃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰি ৮ ছেপ্টেম্বৰ অৰ্থাৎ সোমবাৰে ৰসজ্ঞ অনুষ্ঠানৰ মজিয়াত গুগলমিট এখন অনুষ্ঠিত কৰা হয়। ৰসজ্ঞৰ সভানেত্ৰী মালবিকা শৰ্মা, সম্পাদিকা সবিতা ৰায়, ৰুণু দেৱী শৰ্মা, প্ৰণীতা হালৈ, ত্ৰিদীপ বৰুৱা, মিন্টু অভিজ্ঞান বৈশ্য, দিশান্ত ডেকা, জেউতি শিখা দাস, তুষাৰ নাথ, বিশ্বজিৎ শইকীয়া, তৰুণ নাথ, বিনিতা, যুৱৰাজ, কাকলি কুমাৰী, সুৱৰ্ণা দেৱী, সুকন্যা দাস, অনিল বনিয়া, গৌতম গায়ন, তৰালী শৰ্মা, চিমী বৰুৱা, তৃষ্ণা বৈশ্য, তানিয়া মধুকল্য, অপূৰ্ব পাঠকৰ উপস্থিতিত এটি অনন্য সুন্দৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। সভাত উপস্থিত থাকি অনুষ্ঠান উপভোগ কৰে উৰিষ্যাৰ Suryodoya Literary Foundation ৰ founder Secretary মনোজ কুমাৰ পাণ্ডাই।
সভাখনত, ৰসজ্ঞৰ মজিয়াত, ত্ৰাতৃৰ পৰামৰ্শ ক্ৰমে, উপস্থিত থকা সকলোৰে সৰ্ব সন্মতিত এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত ভাৰতৰ প্ৰতিখন ৰাজ্যতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত একোটা পথৰ নামাকৰণ কৰিবলৈ অনুৰোধ জনাই ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, তথা প্ৰতিখন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক আবেদন জনোৱাৰ পৰিকল্পনা কৰা হয়।
No comments