গোলাঘাটত সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, অসমৰ কৃতী ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা আৰু সব্যসাচী বঁটা-২০২৫ প্ৰদান অনুষ্ঠান সম্পন্ন
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত দেওবাৰে সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু গোলাঘাট জিলা সমিতিৰ সহযোগত বিশেষ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত গোলাঘাট জিলাৰ মুঠ ৫০গৰাকী কৃতী ছাত্র-ছাত্রীক সম্বর্ধনা আৰু সাংস্কৃতিক ক্ষেত্ৰৰ 'সব্যসাচী বটা' সাংস্কৃতিক ক্ষেত্ৰৰ চিনাকী নাম তথা লোকশিল্পী দেৱেশ্বৰ শইকীয়াক "সব্যসাচী বঁটা-২০২৫ প্ৰদান কৰা হয়।
সংগঠনটোৰ কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদক ৰণ্টু দত্তই আঁত ধৰা আৰু মুখপাত্ৰ নৱজিৎ বড়াই সভাপতিত্ব কৰা সভাত কেইবাগৰাকীও কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। ইয়াৰ উপৰিও অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰাজীৱ লস্কৰ আৰু গোলাঘাট জিলা সমিতি কাৰ্যকৰী সভাপতি মিন্টু গগৈ, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি পংকজ গগৈ আৰু সাধাৰণ সম্পাদক অংকুৰ ৰাজ কোঁৱৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি ৰূপম গগৈ, সমাজ সেৱিকা ৰশ্মি বৰুৱা, জাতীয় সংগ্রামী সেনাৰ কেন্দ্ৰীয় সম্পাদক মানৱ গগৈ আদি উপস্থিত থাকে।
No comments