Breaking News

একবিংশতিতম চি পি আইৰ নগাঁও জিলা সন্মিলন



ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ মাজমজিয়াস্থিত নগাঁও সাহিত্য সভা ভৱনত পাৰ্টিৰ সন্মিলনস্থলী কমৰেড ফনী বৰা ক্ষেত্ৰ আৰু সভাগৃহ কমৰেড কেহোৰাম হাজৰিকা প্ৰেক্ষাগৃহ নামাকৰণ কৰি সোমবাৰে অনুষ্ঠিত হৈ যায় চি পি আইৰ একবিংশতিতম নগাঁও জিলা সন্মিলনখন । পাৰ্টিৰ প্ৰবীন  নেতা কমৰেড সলিল চক্ৰৱৰ্তীয়ে সন্মিলনৰ পতাকা উত্তোলন কৰি প্ৰয়াত অবিভক্ত নগাঁও জিলাৰ কমৰেডসকলক লাল চালাম জনায়। শতবৰ্ষ গৰকা পাৰ্টিৰ সন্মিলনৰ পতাকা উত্তোলন কৰি তেখেতে কয় পৃথিৱীত এনে কোনো শক্তি নাই যি কমিউনিষ্ট সকলক বাধা দিব পাৰে, ৰক্ত পতাকা উত্তোলন কৰি গৌৰৱান্বিত বুলি উল্লেখ কৰে। নগাঁও জিলাৰ প্ৰয়াত কমিউনিষ্ট নেতা কৰ্মীসকলক স্মৰণ কৰি তেখেতসকলৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে বাওঁপন্থী চিন্তাবিদ ডাঃ দেবেন্দ্ৰনাথ মুক্তিয়াৰে। উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষন আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি মুলান লস্কৰে। আদৰণি ভাষণৰ মাজতে বিপ্লৱী গীত পৰিৱেশন কৰি প্ৰতিনিধিসকলক অনুপ্ৰাণিত কৰে। উদ্বোধনী ভাষনত চি পি আইৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহৰ সদস্য প্ৰাক্তন বিধায়ক মুনিন মহন্তই চণ্ডীগড়ত অনুষ্ঠিত হ'বলৈ যোৱা ২৫তম মহাসন্মিলনৰ ৰাজনৈতিক সাংগঠনিক খচৰা প্ৰতিবেদনৰ ওপৰত বিশদ ব্যাখ্যা দাঙি ধৰে। পৰৱৰ্তী প্ৰতিনিধি সন্মিলন লক্ষন মিৰ্ধা, সলিল চক্ৰৱৰ্তী আৰু কাৱে ইংতিপীকলৈ গঠিত সভাপতিমণ্ডলী দ্বাৰা পৰিচালিত হয়। সন্মিলনত পাৰ্টিৰ ভূতপূৰ্ব সাধাৰণ সম্পাদক এচ সুধাকৰ ৰেডী, কেৰেলাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভি এছ অচ্যুতানন্দ, প্ৰাক্তন কাশ্মীৰৰ ৰাজ্যপাল কৃষক দৰদী ৰাজনীতিক সত্যপাল মালিক, চি পি আই(এম)ৰ নগাঁও জিলা সম্পাদক মদন বৰা আদি পাৰ্টিৰ সতীৰ্থ সমৰ্থকৰ বিয়োগত শোক প্ৰকাশ কৰি শ্ৰদ্ধা জনায় এক মিনিট মৌনতা অৱলম্বন কৰে ।



ইয়াৰ পাছতেই উত্থাপিত কৰে ৰাজনৈতিক সাংগঠনিক খচৰা প্ৰতিবেদন জিলা পৰিষদৰ হৈ সম্পাদক ৰাতুল বৰাই আলোচনাৰ বাবে। প্ৰতিনিধিসকলৰ মাজত বিশদ আলোচনা অন্তত সংযোজনসহ সৰ্বসন্মত খচৰা প্ৰতিবেদন গ্ৰহণ কৰে। সন্মিলনত নগাঁও জিলাৰ স্বাধীনতা সংগ্ৰামী হলধৰ ভূঞাৰ নামেৰে নগাঁও মেডিকেল কলেজখনৰ নামকৰণ কৰিবলৈ, মধ্য নগাঁৱত আই আই এম খন প্ৰতিষ্ঠা কৰা, বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ দাবীত কামপুৰত এখন  অভিবৰ্তন অনুষ্ঠিত কৰা আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ২৬ৰ বিধানসভা নিৰ্বাচনত নগাঁও বটদ্ৰৱা, বঢ়মপুৰ, কলিয়াবৰ আৰু ধিং সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰো সিদ্ধান্ত লয়। সন্মিলনে আগুন্তুক তিনিবছৰ বাবে ৰাতুল বৰাক সম্পাদক আৰু জিতু কুমাৰ নাথক সহকাৰী সম্পাদক হিচাপে লৈ ১৫ জনীয়া নতুন জিলা পৰিষদ আৰু পাঁচজনীয়া কাৰ্যনিৰ্বাহ সমিতি গঠন কৰে ।

No comments