Breaking News

'প্ৰহেলিকা'ৰ উদ্যোগত ভৌতিক সাহিত্য চৰ্চাৰ অনুষ্ঠান অনুষ্ঠিত



ডিজিটেল ডেস্কঃ ভৌতিক সাহিত‍্যৰ তিনিমহীয়া আলোচনী 'প্ৰহেলিকা'ৰ সম্পাদিকা মালবিকা শৰ্মাৰ পৰিচালনাত সোমবাৰে সন্ধিয়া গুগলমিটৰ জৰিয়তে এখন সভা অনুষ্ঠিত হয়। এই সভাৰ উদ্দেশ‍্য আছিল ভৌতিক সাহিত‍্য চৰ্চা আৰু প্ৰচাৰৰ উদ্দেশ‍্যে পুৰণি আৰু নতুন ভূতৰ কাহিনীৰে মনোৰঞ্জনৰ জৰিয়তে সকলোকে আলোড়িত কৰা। ৰসজ্ঞৰ মজিয়াত অনুষ্ঠিত অনলাইন সভাখনত উপস্থিত থকা ৩৩ জন ভৌতিক সাহিত‍্যৰ অনুৰাগীৰ ভৌতিক গল্প তথা কাহিনীসমূহে অনুষ্ঠানটো অতি ৰোমাঞ্চকৰ কৰি তোলে । এই অনুষ্ঠানত উপস্থিত থাকে “প্ৰহেলিকা” ভৌতিক সাহিত‍্যৰ আলোচনীখনৰ প্ৰকাশক ত্ৰিদীপ বৰুৱা, দিগন্ত নিবিড়, জয়শ্ৰী দেৱী, মিন্টু বৈশ‍্য, গৌতম গায়ন, সবিতা ৰায়, চিমি বৰুৱা, জেউতি দাস, পাপৰি দেৱী, প্ৰণিতা হালৈ, কিশোৰ দাস, দিশান্ত পৰাশৰ, তৰালী শৰ্মা, মণিৰূপা মিশ্ৰ, প্ৰহ্লাদ বৰ্মন, ডঃ ভূপেশ ভাগৱতী, জুলী, তানিয়া মধুকল‍্য, ভাৰ্গৱ দত্ত, চিমান্ত বৰচেতিয়া, চন্দনা তালুকদাৰ, ৰুনু দেৱী শৰ্মা, দীক্ষা খাটনিয়াৰ, তোলেন মেধি, মুন শৰ্মা, কল্পনা দেৱী, দীপামনি, ভৱেশ কলিতা, বিপুল চন্দ্ৰ দাস, কংকণা বৰুৱা আৰু,ল পৰিণিতা শৰ্মা। গীত পৰিবেশন কৰে দিশান্ত পৰাশৰ, প্ৰণিতা হালৈ আৰু জেউতি দাসে ।

No comments