গোলাঘাটত প্ৰয়াত ড০ ৰাজীৱ লোচন বৰাৰ স্মৃতিত কুইজ প্ৰতিযোগিতা সম্পন্ন
ডিজিটেল সংবাদ, গোলাঘাটঃ শনিবাৰে দণ্ডধৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত প্ৰয়াত ড০ ৰাজীৱ লোচন বৰাৰ স্মৃতিত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ড০ ৰাজীৱ লোচন বৰাৰ স্মৃতি ন্যাসৰ পৃষ্ঠপোষকতাত আৰু দণ্ডধৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত এই কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে ফৰকাটিং মহাবিদ্যালয়ৰ অতিথি অধ্যাপক শৰৎ চেতীয়া আৰু সাধনী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ জ্ঞানোজ্জ্বল ফুকনে। গোলাঘাট টাউনৰ সাতখন চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত এই প্ৰতিযোগিতা হৈছিল।
ফলাফলসমূহ আছিল এনেধৰণৰ....
প্ৰথম দলঃ - মিথিংগা বড়ো, বিশ্বজিত পেগু (চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়)।
দ্বিতীয় দলঃ স্নিগ্ধৰাগ বৰঠাকুৰ, প্ৰাণজিৎ ফুকন ( কুশল কোঁৱৰ বাল্যভৱন)।
তৃতীয় দলঃ অপৰ্ণাশ্ৰী বৰকটকী, ৰিয়া ৰয় (দণ্ডধৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়)।
কুইজৰ অন্তত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰূপা শইকীয়াই পৰিচালনা কৰা সভাত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ প্ৰৱক্তা অনুপ দাসে প্ৰয়াত ড০ ৰাজীৱ লোচন বৰাৰ বিষয়ে বক্তব্য আগবঢ়ায়। বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীও এই সভাত উপস্থিত থাকে।
No comments