অসম কৃষি বিশ্ববিদ্যালয়ত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।
ডিজিটেল সংবাদ, যোৰহাটঃ জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোক স্তব্ধ হৈ পৰা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজি শোকসভা অনুষ্ঠিত কৰি বিদেহ আত্মাৰ সদগতিৰ কামনা কৰা হয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পন কৰাৰ পাছত বিশ্ববিদ্যালয় পৰিয়ালৰ সকলোৱে শ্ৰদ্ধা নিবেদন কৰে। এই অনুষ্ঠানতে অসম কৃষি বিশ্ববিদ্যালয়ে জুবিন গাৰ্গৰ অন্ত্যোষ্টিক্ৰিয়া আৰু স্মৃতি সৌধ নিৰ্মানৰ বাবে বিশ্ববিদ্যালয়ৰ লিচুবাৰীস্থিত ভূমি খিনি চৰকাৰ বা প্ৰশাসনক প্ৰদান কৰিবৰ বাবে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লয়। সন্ধিয়া বিশ্ববিদ্যালয়ৰ মুল তোৰণৰ সন্মুখত প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পন কৰাৰ লগতে এক বন্তি প্ৰজ্বলন কাৰ্যসূচী পালন কৰে।
No comments