বান সতৰ্ক বাৰ্তা
ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত NEEPCO-ৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত বান্ধৰ চাৰিটা গেট খোলা হৈছে বুলি NEEPCO-ৰ তৰফৰ পৰা জনোৱা হৈছে আৰু এই অতিৰিক্ত পানী দৈয়াং নদীৰ যোগে ধনশিৰি নদীত প্ৰৱাহিত হ’ব।
সকলো জনসাধাৰণক আহ্বান জনোৱা হৈছে যাতে নদীপাৰৰ গাঁৱত কোনো লোকে বসবাস নকৰে, লগতে স্নান, মাছ ধৰাৰ আৰু নদীৰ কাষত খেলাধূলা নকৰে। বিশেষকৈ ২ অক্টোবৰৰ বিসৰ্জন সময়ত সকলোকে বিশেষ সতৰ্কতা অবলম্বন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ সকলো আপদকালীন সেৱাৰ আৰু প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলক সতৰ্ক থকাৰ বাবে অনুৰোধ জনোৱা হৈছে।
No comments