হিমালয়ৰ নদীবোৰ জীয়াই থাকিবনে ?
ড০ ৰঞ্জিত দত্ত, সহকাৰী অধ্যাপক
প্ৰকৃতিত থকা নিৰ্মল পানীভাগ যেতিয়া সৰু-বৰ সুঁতি হৈ
সাগৰ-মহাসাগৰ, হ্ৰদ আদিলৈ বৈ আহে, তেতিয়াই তাক নৈ বা নদী বোলা হয়। বিশ্বৰ প্ৰায়
সকলোবোৰ ডাঙৰ নদীৰে উৎপত্তিস্থল পাৰ্বত্য অঞ্চল হোৱাৰ বাবে
নদীবোৰ সাধাৰণতে ওখ ঠাইৰ পৰা নিম্ন ঠাইলৈ বৈ আহে।নদীক কোৱা হয় সভ্যতাৰ
প্ৰতীক, যাৰ আলমত এটা জাতিৰ, এখন সমাজৰ সৃষ্টি হয়।এই নদীৰ বুকুতেই একো একোখন
আধুনিক সমাজে জন্মলাভ কৰিছিল।মানুহৰ লগতে আমাৰ চৌপাশৰ সমগ্ৰ জীৱ-জগতখনৰ ওপৰত নদীৰ
অৱদান অপৰিসীম। ভূ-পৃষ্ঠত পোৱা পানীভাগৰ মাত্ৰ ০.০০০১ শতাংশহে নদ-নদীবোৰত পোৱা যায়
যদিও এই নদীবোৰেই পানীৰ লগতে জীৱৰ খাদ্যবস্তু প্ৰৱহনত সহায় কৰি আহিছে।নদ-নদীক মানৱ
সভ্যতাই আদিম যুগৰ পৰাই বেপাৰ-বাণিজ্য, ভৌগোলিক অভিযান, পৰিবহণৰ মাধ্যম হিচাপে
ব্যৱহাৰ কৰি অহাৰ লগতে অগণন জীৱক এটা স্থানৰ পৰা অন্য স্থানলৈ কঢ়িয়াই লৈ
ফুৰে।ৰাজনৈতিক, ভৌগোলিক, সামাজিক, সাংস্কৃতিক আৰু পৌৰাণিক দিশতো নদীয়ে গুৰুত্বপূৰ্ণ
ভূমিকা গ্ৰহণ কৰি আহিছে।নদীৰ বুকুৰ পৰাই মানুহে প্ৰয়োজনীয় বহু সামগ্ৰী যেনে-শিল,
বালি আদি আহৰণ কৰি ইয়াৰ গুৰুত্ব অধিক বৃদ্ধি কৰি তুলিছে।ইয়াৰ উপৰি নদীত সৰু-বৰ বিভিন্ন
বান্ধ নিৰ্মাণ কৰি নদীৰ পানীক বিদ্যুৎ উৎপাদন,
জলসিঞ্চন, খোৱাপানী আদি বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰা হৈছে।নদীবিহীন মানৱ সভ্যতা এটা
বৰ্তমান যুগত কল্পনা কৰাটোৱেই অসম্ভৱ হৈ পৰিছে।
উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অঞ্চলৰ পাছতেই সৰ্বাধিক অলৱণযুক্ত
পানী হিমালয় অঞ্চলটোত অৱস্থিত হিমবাহবোৰত বৰফ ৰূপে সঞ্চিত হৈ থকাৰ বাবেই এই
অঞ্চলটোক বিশ্বৰ তৃতীয় মেৰু অঞ্চল বুলি অভিহিত কৰা হৈছে।এই অঞ্চলটোৰ পৰাই সিন্দু,
ব্ৰহ্মপুত্ৰ, চুটলেজ, অলকানন্দা, ভাগিৰথী আদিকে ধৰি প্ৰায় দহখন বৃহৎ
নদীৰ উৎপত্তি হৈছে।আমাৰ দেশৰ ৫০ শতাংশতকৈ অধিক অলৱণযুক্ত পানীৰ উৎস হৈছে হিমালয়ত উৎপত্তি
হোৱা এই নদীসমূহ আৰু ইয়াৰ লগত সংলগ্ন হৈ খকা হাজাৰ হাজাৰ সৰু-বৰ উপনৈ।হিমালয়
অঞ্চলত অৱস্থিত আমাৰ দেশৰ ১২ খন ৰাজ্যৰ প্ৰায় ৫০ মিলিয়ন লোক নিজৰ জীৱন নিৰ্বাহৰ
বাবে এই অংশত থকা হিমবাহবোৰৰ পৰা অবিৰতভাৱে নিৰ্গত হৈ থকা পানীৰ ওপৰতে সম্পূৰ্ণৰুপে
নিৰ্ভৰ কৰি আছে।ইয়াৰ উপৰি, জলসিঞ্চণৰ সুবিধা থকা ভাৰতবৰ্ষৰ প্ৰায় ৬৪ শতাংশ
কৃষিভূমি হিমালয়ৰ নদীবোৰৰ ওপৰতে নিৰ্ভৰ কৰি আছে।কিন্তু শেহতীয়াকৈ বিশ্বৰ পৰিৱেশ
বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে যে মানুহৰ বিভিন্ন কাৰ্যকলাপৰ বাবে হিমালয়ৰ এই
নদীবোৰ ক্ৰমান্বয়ে মৃত্যুৰ মুখলৈ গতি কৰিছে।
হিমালয়ৰ এই নদীবোৰৰ
বোৱঁতী পানীৰ পৰিমাণ যোৱা কেইটামান দশকত ক্ৰমান্বয়ে হ্ৰাস হোৱা কখাটোৱে
বিজ্ঞানীসকলক চিন্তিত কৰি তুলিছে।ইয়াৰ মুখ্য কাৰণ হৈছে এই অঞ্চলত থকা হিমবাহবোৰৰ
সংখ্যা আৰু আকাৰ হ্ৰাস হোৱাটো।২০০১ চনত নাছাই প্ৰকাশ কৰা তথ্য অনুসৰি গংগোত্ৰী
হিমবাহ ১৯৭৫ চনৰ তুলনাত ২০০১ চনত প্ৰায় ৮৫০ মিটাৰ হ্ৰাস হৈছে।ভাৰতীয় মহাকাশ গৱেষণা
সংস্থা ইছৰোৱে প্ৰকাশ কৰা অনুসৰি হিমালয় অংশত থকা ২১৯০ টা হিমবাহৰ ভিতৰত প্ৰায়
দুই-তৃতীয়াংশ হিমবাহ যোৱা ১৫টা বৰ্ষত বছৰি গড়ে ৩.৭৫ কিলোমিটাৰকৈ হ্ৰাস পাবলৈ
ধৰিছে।এই হিমবাহবোৰৰ লগতে অঞ্চলটোত বছৰি হোৱা বৃষ্টিপাতৰ পৰিমাণো ক্ৰমান্বয়ে
নিম্নগামী হ'বলৈ আৰম্ভ কৰাৰ বাবেই অঞ্চলটোত যুগ যুগ
ধৰি প্ৰৱাহিত হৈ থকা নদীসমূহৰ বোৱতী পানীৰ পৰিমাণ নিম্নগামী হ'বলৈ ধৰিছে।দেশৰ নীতি আয়োগে ২০১৮ চনতে প্ৰকাশ কৰিছিল যে আমাৰ
দেশৰ হিমালয় অংশত অৱস্থিত প্ৰায়বোৰ হ্ৰদ, জলাশয় আদিৰ পানী যোৱা কেইটামান দশকত অতি
দ্ৰুত গতিত শুকাবলৈ আৰম্ভ কৰিছে।
আমাৰ দেশৰ প্ৰায়বোৰ নদীৰ লগতে হিমালয়ত উৎপত্তি হোৱা নদীবোৰৰ
বাবে ভাবুকিৰ সৃষ্টি কৰা আন এটা কাৰণ হৈছে জল প্ৰদূষণ।আমাৰ দৈনন্দিন কাৰ্যত উৎপন্ন
হোৱা আৱৰ্জনাৰ লগতে উদ্যেগ, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা দূষিত পদাৰ্থবোৰ নদীবোৰত
পেলোৱাৰ ফলতেই এইবোৰ ক্ৰমান্বয়ে প্ৰদূষিত হ'বলৈ
ধৰিছে।কেৱল মাত্ৰ গংগা নদীতেই প্ৰতিদিনে ছয় বিলিয়ন লিটাৰ আৱৰ্জনা বিৰ্সজন দিয়া
হয়।হিমালয় অংশত হোৱা বিভিন্ন নিৰ্মাণকাৰ্য আৰু ইয়াৰ ফলত হোৱা অবাধ বন ধ্বংসকৰণৰ
ফলতো নদীবোৰৰ আয়ুসৰেখা ক্ৰমান্বয়ে হৈছে।হিমালয় অংশত নদীবোৰৰ গতি দ্ৰুত হোৱাৰ বাবে
এই অংশত বৃহৎ বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি বিদ্যুৎশক্তি আহৰণ কৰি অহা হৈছে।বান্ধ
নিৰ্মাণ কৰি নদী এখনৰ গতি ৰুদ্ধ কৰি নাইবা সেই নদীৰ পানী অন্য স্থানলৈ বোৱাই নিয়াৰ
ফলত বান্ধৰ নামনি অংশত নদীৰ পানী যথেষ্ট পৰিমাণে হ্ৰাস হয়। কোনো কোনো ক্ষেত্ৰত
বান্ধ নিৰ্মাণৰ ফলত নদীখন সম্পূণৰুপে শুকাই যোৱাও দেখা যায়।ভাৰত চৰকাৰে দেশত
প্ৰয়োজনীয় বিদ্যুৎৰ নাটনি লাঘৱ কৰিবৰ বাবে বৰ্তমানো মুক্তভাৱে বৈ থকা আৰু বান্ধ
নিৰ্মাণ নোহোৱা নদীবোৰত বৃহৎ বৃহৎ বান্ধ নিমাণৰ প্ৰস্তাৱ হাতত লৈছে, যাৰ ফলত এই
নদীবোৰৰ ভৱিষ্যৎ প্ৰায় অন্ধকাৰচ্ছন্ন হৈ পৰিছে।
জলবায়ু পৰিৱতন আৰু গোলকীয় উঞ্চতা বৃদ্ধিয়েও নদীবোৰলৈ অশনি
সংকেত কঢ়িয়াই আনিছে।বিশ্ব বতৰবিজ্ঞান প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে যে হিমালয় অঞ্চলত
হোৱা গোলকীয় উঞ্চতা বৃদ্ধিৰ পৰিমাণ বিশ্বৰ আন অংশতকৈ ০.৪ ডিগ্ৰী ছেলছিয়াছ অধিক।আই পি
চি চি (Intergovernmental Panel on Climate Change) নামৰ ন'বেল বটা প্ৰাপ্ত আন্তৰাষ্ট্ৰীয়
সংস্থাটোৱে সকীয়নি প্ৰদান কৰি কৈছে যে বৰ্তমানৰ হাৰত যদি গোলকীয় উঞ্চতা বৃদ্ধি হৈ
থাকে তেন্তে অহা ২১০০ চনলৈকে হিমালয়ত থকা প্ৰায় ৪৫ শতাংশ হিমাবাহ চিৰদিনৰ বাবে
লুপ্ত হৈ যাব।ইয়াৰ ফলত এই হিমবাহবোৰৰ ওপৰত নিৰ্ভৰ কৰি থকা হিমালয়ৰ প্ৰায়বোৰ নদীয়েই
মৃত্যু মুখত পৰিব।
গতিকে, সময় থাকোতেই যদি এই নদীবোৰক ৰক্ষা কৰিবলৈ প্ৰয়োজনীয়
কাৰ্যব্যৱস্থা হাতত লোৱা নহয়, তেন্তে অদূৰ ভৱিষ্যতে এটুপি খোৱাপানীৰ বাবেও আমি হাঁহাঁকাৰ
কৰিব লাগিব।
ড০ ৰঞ্জিত দত্ত
সহকাৰী অধ্যাপক, উদ্ভিদ বিজ্ঞান বিভাগ
মাধৱদেৱ বিশ্ববিদ্যালয়
লখিমপুৰ (অসম)
মোবাইলঃ ৮০১১০১০৩৬৭, ৯৪৩৫৬২৮৬৪২
No comments