Breaking News

অবৈধ চুলাই মদৰ ব‍্যৱসায়ীৰ বিৰুদ্ধে সৰৱ মেৰাপানী আৰক্ষী



বাবুল দাস, মেৰাপানীঃ অবৈধ চুলাই মদৰ ব‍্যৱসায়ীৰ বিৰুদ্ধে সৰৱ মেৰাপানী আৰক্ষী।  মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন  অঞ্চলত অবৈধ মদ ব‍্যৱসায়ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল দত্তই।



অঞ্চলটোৰ বিভিন্ন গাঁওসমূহত ব‍্যাপক হাৰত বৃদ্ধি পোৱা  চুলাই মদৰ  লগতে গাঁওসমূহ দোকানে বজাৰে সহজলভ্য হৈ পৰা  বিলাতী মদৰ দোকান সমূহৰ পৰাও অবৈধ সুৰা উচ্ছেদ কৰিছে।অঞ্চলটোৰ ভেলৌগুৰি, জয়পুৰ,মেৰাচুক,বৰতল, ভেলেকী আদি বিভিন্ন স্থানৰ পৰা বৃহৎ পৰিমানৰ  অবৈধ বিলাতী সুৰা জব্দ কৰাৰ লগতে আদৰ্শ আদি গাঁৱত অবৈধ চুলাই মদ উচ্ছেদ কৰে।

No comments