Breaking News

টীয়কত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

 


অজয় দত্ত,টীয়কঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সমগ্ৰ দিনটোত যোৰহাটত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ অন্তত সন্ধিয়া অন্তিমটো কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকী যোৰহাটৰ চটাইস্থিত বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠানত উপস্থিত হৈ প্ৰতিষ্ঠানৰ বিভিন্ন কাম কাজৰ খটিয়ান লোৱাৰ লগতে প্ৰতিষ্ঠানটোৱে বাঁহ আৰু আগৰৰ ওপৰত যি গৱেষণা চলাই আছে তাক অধিক ব্যৱসায়ী ভিত্তিত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত থাকিব বুলি মন্তব্য কৰে। 

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰা ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰত মাধৱদেৱ কলাক্ষেত্ৰ,টীয়কত এখন পূৰ্ণাংগ ষ্টেডিয়াম অতি সোনকালে নিৰ্মাণ হ'ব বুলি  আশ্বাস দিয়ে। লগতে চাৰিলেনযুক্ত পথ সুন্দৰকৈ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে কৰণীয় সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াব বুলি মত প্ৰকাশ কৰে।তাৎপৰ্যপূৰ্ণ এই যে,কাৰ্বি লংপি জলবিদ্যুৎ প্ৰকল্পত নিৰাপত্তাৰক্ষী হিচাপে নিয়োজিত টীয়কৰ ৰিতু বৰা দীৰ্ঘদিন ধৰি নিৰুদ্দেশ হৈ থকা প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসম পুলিচৰ এজন জোৱান আলফালৈ যোৱাৰ তথ্য পোৱা গৈছে ।

No comments