Breaking News

যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত NRLৰ DGM নীহাৰ প্ৰসাদ শৰ্মাক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ



ডিজিটেল সংবাদ,গোলাঘাটঃ নুমলীগড় শোধনাগাৰৰ যুৱতীক যৌন নিৰ্যাতনৰ ঘটনাত জড়িত NRL ৰ উপ প্ৰৱন্ধক নীহাৰ প্ৰসাদ শৰ্মাক আটক গোলাঘাট আৰক্ষীৰ। গুৱাহাটীৰ ৰিহাবাৰীৰ পৰা  আটক কৰিছে বিষয়া গৰাকীক। ১৯ আগষ্টত অৰ্থাৎ বৃহস্পতিবাৰে এগৰাকী যুৱতী অভিযন্তাই গোলাঘাট আৰক্ষী চকীত যৌন নিৰ্যাতনৰ অভিযোগ আনি এজাহাৰ দাখিল কৰিছিল। 

উল্লেখ্য, যোৱা ১৯ জুলাইত নিজ গৃহলৈ মাতি নি নিচাযুক্ত দ্ৰব্য সেৱন কৰাই যৌন নিৰ্যাতন চলাইছিল DGM নীহাৰ প্ৰসাদ শৰ্মাই।আনহাতে, সাংবাদিকৰ আগত সমগ্ৰ ঘটনাটোৰ অভিযোগক একেমুখে নস্যাৎ কৰে ধৃত নিহাৰ প্ৰসাদ শৰ্মাই।কোনো ব্যক্তিগত আখেজ পূৰাবলৈ যুৱতীগৰাকীয়ে ষড়যন্ত্ৰ কৰি এই মিছা অভিযোগ অনা বুলি মন্তব্য DGM গৰাকীৰ। এই  ঘটনাক কেন্দ্ৰ কৰি  সমগ্ৰ নুমলীগড় শোধনাগাৰৰ লগতে গোলাঘাট জিলাত এক চাঞ্চল্যই বিৰাজ কৰিছে।

No comments