Breaking News

পাঞ্জাৱ নেচনেল বেংক দেৰগাঁও শাখাৰ প্ৰশংসনীয় পদক্ষেপ


কুমুদ বৰা,দেৰগাঁওঃ পাঞ্জাৱ নেচনেল বেংক দেৰগাঁও শাখাৰ প্ৰশংসনীয় পদক্ষেপ। ৰাইজৰ সুবিধাৰ্থে মৎস্য পালনৰ লগতে বিভিন্ন কৌশল বিকাশৰ বাবে বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা হাতত লৈছে। বেংকটোৰ দেৰগাঁও শাখাৰ উদ্যোগত ৰাইজৰ সুবিধাৰ্থে মৎস্য পালনৰ লগতে বিভিন্ন কৌশল বিকাশৰ বাবে বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা হাতত লোৱাৰ লগতে ৰাইজক আৰ্থিক ভাৱে সহায় কৰিবলৈ বিভিন্ন কাৰ্যসূচী প্ৰস্তুত কৰিছে। 

এই উদ্দেশ্যেই পাঞ্জাৱ নেচনেল বেংকৰ দেৰগাঁও শাখা প্ৰাংগণত অনুষ্ঠিত হোৱা এখন সভাত এই কাৰ্যসূচীৰ সম্পৰ্কে অৱগত কৰে বেংক কৰ্তৃপক্ষই। সভাত  পি এন বি গ্ৰাম্য আত্ম সংস্থাপন প্ৰতিস্থান গোলাঘাটৰ ডাইৰেক্ট চিন্ময় জ্যোতি গোহাঁই, এল ডি এম গোলাঘাটৰ অৰূপ কুমাৰ গগৈ,দেৰগাঁও শাখাৰ  পৰিচালক বিমান ডেকা, আট্যাটিৰ বি অ'এল পাপু নেওগ, লগতে দেৰগাঁৱৰ বেংক মিত্ৰ সকল উপস্থিত থাকে ।

অহা চেপ্তেম্বৰ মাহৰ পৰা এই কাৰ্য্যসূচী ৰূপায়িত হ'ব বুলি উল্লেখ কৰে এই সভাতে।  ৰাইজৰ সুবিধাৰ্থে গ্ৰহন কৰা এনে পদক্ষেপক সকলোৱে আদৰণি জনায়।

No comments