চাহ খেতিয়ক আৰু চাহ উদ্যোগৰ সৈতে জড়িত সকলোৱেই অস্তিত্ব ৰক্ষাৰ এক কঠোৰ সংগ্ৰাম কৰিব লাগিব: বিদ্যানন্দ বৰকাকতি
কিন্তু উৎপাদিত চাহৰ বজাৰ মূল্য বৃদ্ধি নাপালে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু চাহ উদ্যোগৰ সৈতে জড়িত সকলোৱেই অস্তিত্ব ৰক্ষাৰ এক কঠোৰ সংগ্ৰাম কৰিব লাগিব সেয়া নিশ্চিত
এই সকলোবোৰ দিশৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ চাহ উদ্যোগত এক ব্যাপক ৰূপত নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে। একেটা প্ৰেছ বিজ্ঞপ্তিযোগে নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছনৰ অধ্যক্ষ সুনীল জালানে উল্লেখ কৰামতে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈকে চি টি চি পদ্ধতিৰে তৈয়াৰী চাহৰ গড় হিচাপে নিলাম মূল্য ২০৮.০২ টকা যিটো বিগত বৰ্ষত এপ্ৰিলৰ পৰা জুলাই মাহলৈকে আছিল ২৫২.২১ টকা অৰ্থাৎ বিগত বৰ্ষৰ তুলনাত এইবাৰ নিলাম দৰ প্ৰতি কিল'গ্ৰাম মে'ড টিত ৪৪.১৯ টকালৈ অৱনমিত হৈছে। মাত্ৰ ৯ শতাংশ উৎপাদিত চাহ ৩০০ টকাতকৈ অধিক মূল্যত বিক্ৰী হৈছে আৰু ৫১ শতাংশ চাহে ২০০ টকাও দৰ স্পৰ্শ কৰিব নোৱাৰিলে। জালানে লগতে উল্লেখ কৰে যে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত বিক্ৰী নোহোৱাকৈ থকা মে'ড টি ৰ পৰিমাণ প্ৰায় দুগুণ বেছি। বিগত বৰ্ষত এপ্ৰিলৰ পৰা জুলাই মাহলৈকে বিক্ৰী নোহোৱা চাহৰ পৰিমাণ আছিল ১৬.৩৭ শতাংশ আৰু চলিত বৰ্ষত ইয়াৰ পৰিমাণ ৩৫.১৬ শতাংশ অৰ্থাৎ প্ৰায় দুগুণ। আনহাতে নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটাৰ উপাধ্যক্ষ কমল জালানে বিজ্ঞপ্তিটোত উল্লেখ কৰি কয় যে চলিত বৰ্ষত জানুৱাৰী মাহৰ পৰা জুন মাহলৈ অসমত মুঠ চাহৰ উৎপাদন ৪১ মিলিয়ন কিল'গ্ৰামতকৈ কম যিটো ২০১৯ বৰ্ষৰ তুলনাত ১৯ শতাংশ হ্ৰাস পাইছে । অৱশ্যে ২০২০ বৰ্ষত ক'ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা দীৰ্ঘদিনীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত চাহৰ উৎপাদনৰ তুলনা কৰা হোৱা নাই যদিও ২০১৯ বৰ্ষত জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে অসমত মুঠ ২২০.১১ মিলিয়ন কিল'গ্ৰাম চাহ উৎপাদন হোৱাৰ বিপৰীতে চলিত বৰ্ষত ইয়াৰ পৰিমাণ ১৭৯.৩২ মিলিয়ন কিল'গ্ৰাম হোৱাটো যথেষ্ট চিন্তনীয় আৰু উদ্বেগজনক বিষয় বুলি কমল জালানে মন্তব্য কৰে।
অসম চৰকাৰে ৰাজ্যৰ চাহ উদ্যোগটোক জীয়াই ৰখাৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যিসমূহৰ ভিতৰত অসম চাহ উদ্যোগ বিশেষ উদগনিমূলক আঁচনি আৰু ২০১৯ চনৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা কেঁচা পাতৰ ওপৰত ৰাজ্য চৰকাৰে লগোৱা উপ কৰ বাতিলৰ সিদ্ধান্ত আদি উল্লেখনীয়। কিন্তু উৎপাদিত চাহৰ বজাৰ মূল্য বৃদ্ধি নাপালে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু চাহ উদ্যোগৰ সৈতে জড়িত সকলোৱেই অস্তিত্ব ৰক্ষাৰ এক কঠোৰ সংগ্ৰাম কৰিব লাগিব সেয়া নিশ্চিত বুলি বিজ্ঞপ্তিৰ জৰিয়তে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে।
No comments