Breaking News

জম্বিৰ আতংক~(পঞ্চম খণ্ড)

 "জম্বি দেখি আতংকিত ৰনিৰ পত্নী আৰু জীয়েকে ইফালে-সিফালে দৌৰিবলৈ আৰম্ভ কৰাত এটা জম্বিয়ে জীয়েকক ধৰি কামুৰিবলৈ চেষ্টা কৰে যদিও পিটাৰে জম্বিটোক গুলি মাৰি নিষ্ক্ৰিয় কৰি দিয়ে"



মালবিকা শৰ্মা, ভুবনেশ্বৰ

 

         চহৰখনত জম্বিৰ সংখ্যা বাঢ়ি গৈ আছে। চহৰৰ বিখ্যাত বৈজ্ঞানিকসকলে এই ভাইৰাচক দমন কৰিবলৈ নেৰানেপেৰা চেষ্টা চলাই আছে। জম্বিৰ ভয়ত কাৰাগাৰত থকা কয়দীবোৰো আতংকিত হৈ কাৰাগাৰৰ পৰা পলাবলৈ চেষ্টা কৰিছে। ইয়াৰ ভিতৰত, ৬ নম্বৰ কক্ষত থকা পিটাৰ আৰু ৰনিয়ে কাৰাগাৰৰ ৰক্ষীক টকাৰ লোভ দেখুৱাই কাৰাগাৰৰপৰা পলাবলৈ সক্ষম হৈছে। এন্ধাৰৰ সুযোগ লৈ দুয়ো কাৰাগাৰৰ পৰা ওলাই আহিছে।

        ৰনি এই চহৰৰে যদিও পিটাৰ ইয়াৰ নহয়। নদী পাৰ হৈ অবৈধ কাৰবাৰ কৰিবলৈ এই চহৰলৈ আহোতে পুলিচে ধৰি কাৰাগাৰত থৈছে, একেলগে থাকিবলগীয়া হোৱাৰ পাছত দুয়োৰে চিনাকী আৰু ঘনিষ্ঠতা বাঢ়িছে। পিটাৰৰ যোজনা অনুযায়ী ৰনিয়ে নিজৰ পৰিয়ালক ঘৰৰপৰা লৈ আহি নৈৰ কাষত লুকুৱাই থোৱা ইঞ্জিন বোটত বহি লৈ পিটাৰৰ চহৰৰ উদ্দ্যেশ্যে ৰাওনা দিছে। বোটত বহি কিছুদুৰ ৰাওনা হোৱাৰ পাছত সিহতে দেখিলে পিছপিনে এখন লাইফ-বোটে খেদি আহিছে। প্ৰথমতে পুলিচৰ বোট বুলি সিহতে ভাৱিছিল যদিও ভালদৰে চাই জানিব পাৰিলে এইয়া পুলিচ নহয়, জম্বি হে। পিটাৰ আৰু ৰনি দুয়ো নিজৰ নিজৰ বন্দুক লৈ সাজু হৈ থাকিল। লাইফ-বোটখন একেবাৰে কাষ চাপি অহাৰ লগেলগে দুয়ো জম্বি কেইটালৈ লক্ষ্য কৰি গুলিয়াবলৈ আৰম্ভ কৰে। চাৰিটা জম্বি গুলি খাই বোটৰপৰা পানীৰ ভিতৰত পৰি যায় যদিও আৰু দুটাই জাপ মাৰি ইঞ্জিন-বোটখনৰ পিছপিনে ধৰি উঠি আহিবলৈ সক্ষম হয়। জম্বি দেখি আতংকিত ৰনিৰ পত্নী আৰু জীয়েকে ইফালে-সিফালে দৌৰিবলৈ আৰম্ভ কৰাত এটা জম্বিয়ে জীয়েকক ধৰি কামুৰিবলৈ চেষ্টা কৰে যদিও পিটাৰে জম্বিটোক গুলি মাৰি নিষ্ক্ৰিয় কৰি দিয়ে। ইয়াৰ মাজতে আনটো জম্বিয়ে ৰনিক কামুৰি দিয়াত এক মুহূৰ্তও বিলম্ব নকৰি ৰনিয়ে নিজকে গুলি মাৰি আত্মহত্যা কৰে। ৰনিৰ এই কাৰ্য্যত তিনিও স্তব্ধ হৈ পৰে। পিটাৰে অতি দুখেৰে ৰনিৰ মৃতদেহটো নদীৰ বুকুলৈ পেলাই দিয়ে আৰু শোকত ভাঙি পৰা ৰনিৰ পত্নী আৰু জীয়েকক লগত লৈ নিজৰ চহৰখনলৈ বুলি ইঞ্জিন-বোটেৰে অগ্ৰসৰ হয়।


(আগলৈ)

লেখিকাক ফলো কৰিবলৈ এই লিংকটো ব্যৱহাৰ কৰক –

https://www.facebook.com/malabika123

No comments